Local, Vocal, Global

WATCH | Hajo News: খিলঞ্জীয়া মুছলমানৰ স্বভিমান জিকিৰ-জাৰী অসম চৰকাৰে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লোৱাত উৎফুল্লিত হৈ পৰিছে সদৌ অসম গৰিয়া পৰিষদে

হাজো,১৯ফেব্ৰুৱাৰী : খিলঞ্জীয়া মুছলমানৰ স্বভিমান জিকিৰ-জাৰী অসম চৰকাৰে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লোৱাত উৎফুল্লিত হৈ পৰিছে সদৌ অসম গৰিয়া পৰিষদে । জিকিৰ-জাৰীয়ে খিলঞ্জীয়া মুছলমানৰ আত্ম পৰিচয় দাঙি ধৰি আহিছে(Hajo News)।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা বলিষ্ঠ ভূমিকাৰো শলাগ লয় গৰিয়া পৰিষদে ।

ইফালে ২০১৬ চনৰ পৰা বন্ধ কৰি ৰখা আজান ফকীৰ বটা শীঘ্ৰে পুনৰ মুকলি কৰাৰ বাবে অসম চৰকাৰক দাবী জনাইছে গৰিয়া পৰিষদে। জিকিৰ আৰু জাৰী গীত সমূহ অন্য খিলঞ্জীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে অসম চৰকাৰে লোৱা পদক্ষেপকো আদৰণি জনাইছে অসম গৰীয়া পৰিষদৰ সভাপতি আব্দুল হামিদ আৰু কাৰ্যকৰী সভাপতি মইনুল হকে।

লগতে পঢ়ক :WATCH | Dead Body found in Rangia: ৰঙিয়া তিনিআলিত ৰহস্য জনক অৱস্থাত উদ্ধাৰ মৃতদেহ