Watch | Hajo murder: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল হাজোৰ বৰ্ণি অঞ্চল
হাজো: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীক নৃশংস ভাৱে হত্যা। বিগত দুই মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰ নুৰজামান আলী ওৰফে চিন্টু। অৱশেষত মুকালমুৱাৰ চুঙাৰবড়িৰ এটা খালত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ। হত্যাকাণ্ডত সম্পৰ্কীয় খুৰাক জড়িত থকাৰ অভিযোগ পৰিয়ালৰ। অভিযুক্ত দাদ্দাম আলী নামৰ ব্য়ক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিতে উদ্ধাৰ ছাত্ৰ নুৰজামান আলী ওৰফে চিন্টু মৃতদেহ। অভিযুক্ত দাদ্দাম আলীক গেপ্তাৰ কৰিছে আৰক্ষীয়ে।