WATCH | Goreswar News : এখন বাঁহৰ দলঙে উদঙাইছে বিকশিত অসমৰ ফোঁপোলা ছবি
গোৰেশ্বৰ,২২ফেব্ৰুৱাৰী : গোৰেশ্বৰৰ বৰপথাৰৰ এখন বাঁহৰ দলঙে উদঙাইছে বিকশিত অসমৰ এখন ফোঁপোলা ছবি।
তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰপথাৰৰ এই দলংখনত পথচাৰীয়ে পইচা দি পাৰাপাৰ হ’ব লাগে পুঠিমাৰী নদী ।
এই দলঙখন নহ’লে বৰপথাৰৰ ৰাইজে কাউৰবাহা হৈ বহুদূৰ ঘূৰি যাব লাগে তামুলপুৰলৈ(Goreswar News)।
সেইদৰে গান্ধীবাৰীৰ ৰাইজে গোৰেশ্বৰ যাবলৈ হ’লে কাউৰবাহাহৈ বাটকুৰি বাই যাব লাগে বহু দূৰ।
সেয়ে ৰাইজৰ সুবিধাৰ্থে স্থানীয় একাংশ লোকে প্ৰতি বছৰে গাঁথিৰ ধন ভাঙি সাজি উলিয়াই বাঁহৰ দলং।
বিনিময়ত পথচাৰীয়ে প্ৰতিবাৰতে পইচা ভৰি বিপদ সংকূলভাবে পাৰাপাৰ হ’ব লাগে পুঠিমাৰী নৈ ।
বাৰিষা হ’লে পথচাৰীৰ নাৱেঁই হৈ পৰে যাতায়াতৰ একমাত্ৰ সাৰথি।
বৰ্তমান ত্ৰিপুল ইঞ্জিন চৰকাৰৰ দিনতো বৰপথাৰত কেইবা দশকৰ পৰা এনেদৰেই চলি আছে ৰাইজৰ যাতায়াত।
স্থানীয় ৰাইজে গোৰেশ্বৰ -তামুলপুৰ সংযোগ কৰা বৰপথাৰৰ পুঠিমাৰী নদীৰ ওপৰত শীঘ্ৰেই এখন পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।
লগতে পঢ়ক :WATCH | Sherman Ali Ahmed: চৰকাৰী আঁচনিৰ সুবিধা নালাগে বিধায়ক শ্বেৰমান আলিক