Local, Vocal, Global

WATCH| Bilasipara News: ছাফাই কৰ্মীৰ প্ৰাপ্য আদায়ৰ দাবীত বিলাসীপাৰাত অৰ্ধ উলংগ প্ৰতিবাদ

বিলাসীপাৰা,১৮ফেব্ৰুৱাৰী : প্ৰাপ্য আদায়ৰ দাবীত বিলাসীপাৰাত অৰ্ধ উলংগ প্ৰতিবাদ । প্ৰাপ্য আদায়ৰ দাবীত অৰ্ধ উলংগ হৈ বিলাসীপাৰাত প্ৰতিবাদ সাব্যস্ত ছাফাই কৰ্মীৰ ।সদৌ অসম ছাফাইকৰ্মী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ভীম বাছফৰৰ নেতৃত্তত বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত পৌৰসভাকে ধৰি বিভিন্ন কাৰ্য্যালয়ত অস্থায়ীভাবে কৰ্মৰত ছাফাইকৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণৰ দাবীত অৰ্ধ উলংগ হৈ উত্তাল প্ৰতিবাদ ছাফাই কৰ্মী সকলৰ( Bilasipara News)।

আজি ছাফাইকৰ্মী সকলে কৰ্ম বিৰতি কৰি বিভিন্ন শ্লগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।

উল্লেখ্য যে অসমত থকা ২০ হাজাৰ অস্থায়ী কৰ্মচাৰীৰ ভিতৰত চৰকাৰে ১ হাজাৰ ৪০ জন ছাফাই কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰৰ এনে সিদ্ধান্ত প্ৰত্যহাৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা অস্থায়ী ছাফাই কৰ্মী সকলৰ চাকৰি নিয়মীয়া কৰনৰ দাবী তুলি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

অন্যথা অহা ২৩ মাৰ্চত গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱো।এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হব লক্ষনীয় ।

লগতে পঢ়ক:WATCH| Jorhat News:যোৰহাট পৌৰসভাৰ উন্নয়ন বাবে অহা টকা সঁচাকৈ সমাজৰ উন্নয়ন বাবে ব্যৱহাৰ কৰিছে নে?