WATCH | APSC Scam : “APSC কেলেংকাৰীৰ মূল খলনায়ক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা” : অখিল গগৈ
নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : প্ৰসংগ, APSC কেলেংকাৰী!মঙলবাৰে APSCকেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে কপাইছে সমগ্ৰ ৰাজ্য । আজি বিধানসভা অধিৱেশনতো বিষয়টোক লৈ বিধায়কসকল সৰৱ হৈছে।
বিপ্লৱ শৰ্মা আয়োগত প্ৰতিবেদনক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি বিধায়ক অখিল গগৈয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰে(APSC Scam)।
সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয়,”অসম লোকসেৱা আয়োগৰ অন্যতম মূল খলনায়কজন হৈছে বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । আনজন খলনায়ক হৈছে প্ৰয়াত মুখ্যমন্ত্রী তৰুণ গগৈ ।” অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে দ্বিতীয় দিনা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ বিধানসভা চৌহদত বিধায়কগৰাকী এইদৰে সৰৱ হৈ পৰে ।
বিধায়কগৰাকীয়ে পুনৰ কয়,”বিপ্লৱ শৰ্মা আয়োগে কেলেংকাৰীৰ মূল অভিযুক্ত সকলক ৰক্ষণা-বেক্ষণ দিছে । এ পি এছ চি কেলেংকাৰী অসমৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ কেলেংকাৰী । গোটেই পৰীক্ষাৰ ছিষ্টেমটো ভাঙি ছিঙি শেষ কৰিছিল । এ পি এছ চি কেলেংকাৰীত কেৱল ৰাকেশ পালেই জড়িত নাছিল । চৰকাৰ জড়িত নাথাকিলে এনে বৃহৎ কেলেংকাৰী কেতিয়াও সম্ভৱ নহয় । বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত বহু কথাই লুকুৱাব বিচাৰিছে। পি এছ অ’ৰ পৰা এ পি এছ চিৰ অধ্যক্ষলৈ কেৱল ১৪ জনৰ নাম অভিযুক্তৰ তালিকাত আছে । কেলেংকাৰীৰ মূল মানুহবোৰৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাই প্ৰতিবেদনত ।”
তেওঁ লগতে কয়,” এইটো কোনো হাজাৰ টকীয়া কেলেংকাৰী নহয় । এই কেলেংকাৰীৰ মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈ । এই কেলেংকাৰীৰ লগত আন এজন মন্ত্রীও জড়িত আছিল । কিন্তু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই খলনায়ক সকলৰ নাম নাই ।”
লগতে পঢ়ক: WATCH | Ali Aye Ligang: আজি আলি আঃয়ে লৃগাং;মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং