Israel-Hamas war : নিজৰ স্থিতিত অটল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু; কোনো কাৰণতে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।
বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে।
ইজৰাইল-হামাছৰ যুদ্ধৰ প্ৰায় এমাহৰ পিছতো ইজৰাইলে ধাৰাবাহিকভাৱে হামাছৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলে লক্ষ্য কৰি লৈছে পেলেষ্টাইনৰ শৰণাৰ্থী শিবিৰ(Warplanes strike Gaza refugee camp) ৷
তাৰ মাজতে গাজাত যুদ্ধবিৰতিৰ আহ্বান নাকচ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ । হামাজত বন্দী ২৪০ গৰাকী লোকক মুকলি কৰি নিদিয়ালৈকে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ।
নিজৰ স্থিতিত অটল আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু । কোনো কাৰণতে যুদ্ধবিৰতিৰ কথা চিন্তা নকৰাৰ হুংকাৰ প্ৰধানমন্ত্ৰীৰ । ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে বায়ু সেনা ঘাটিত ইজৰাইলী সামৰিক বাহিনীকো সাক্ষাৎ কৰে আৰু তেওঁলোকক অভিধানৰ ‘যুদ্ধবিৰতি’ শব্দ আঁতৰাব পৰামৰ্শ দিয়ে(“No ceasefire until hostages returned…” PM Netanyahu asks forces to remove ceasefire from lexicon) ।
উল্লেখ্য যে যুদ্ধবিৰতিৰ বাবে বিগত প্ৰায় এসপ্তাহ ধৰি আমেৰিকাৰ পৰা হেঁচা দি থকা হৈছে । ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে যুদ্ধবিৰতি ঘোষণা কৰা নহয় কিন্তু মানৱীয় দৃষ্টিভংগীৰে হামাছৰ বিৰুদ্ধে আক্ৰমণ কিছু শিথিল কৰিব পাৰে ইজৰাইলে(After Biden and Blinken push, Netanyahu says Israel open to ‘little pauses’ in Gaza, no cease-fire) ।
ইজৰাইলৰ পদক্ষেপৰ পাছতে বিশ্বৰ বিভিন্ন দেশৰ লগতে তেওঁ নিজৰ একাংশ সমৰ্থকো অসন্তুষ্ট হোৱা দেখা গৈছে । যাৰ বাবে এই মতভেদ কিছু আঁতৰাবলৈ তেওঁ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
জানিব পৰা মতে ৰাষ্ট্ৰপতি জ’ বাইডেনে যুদ্ধৰ প্ৰায় এমাহৰ পাছত প্ৰধানমন্ত্ৰীক নেতান্যাহুৱে পোনপটীয়াকৈ যুদ্ধবিৰতিৰ আবেদন জনাইছে আৰু ক্ৰমবৰ্ধমান সংঘৰ্ষত সাধাৰণ নাগৰিকক সীমিত সকাহ প্ৰদানৰো আহ্বান জনাইছিল । হামাছ কৰ্তৃপক্ষৰ মতে গাজাত মৃত্যুৰ সংখ্যা ১০,০০০ হৈছে । এনে পৰিস্থিতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যক্তিগতভাৱে বাৰ্তালাপ কৰিছে । ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে নেতান্যাহুৰ সৈতে বিডেনৰ বাৰ্তালাপৰ কথা বৰ্ণনা কৰি কয় যে আমেৰিকাই মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতিৰ বাবে আহ্বান জনাই থাকিব(After Biden and Blinken push Netanyahu says Israel open to ”little pauses” in Gaza no cease-fire) ।
ইফালে এই বাৰ্তালাপৰ পাছতে নেতান্যাহুৱে সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত যুদ্ধবিৰতিৰ কথা অস্বীকাৰ কৰে । কিন্তু সামান্য বিৰতিৰ কথা উল্লেখ কৰে । আমেৰিকাৰ অনুৰোধৰ বাবে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে নে আন কাৰণত সেয়া তেওঁ স্পষ্ট হোৱা নাই । পুনৰ এবাৰ তেওঁ সকীয়াই দিয়ে যে ইজৰাইলৰ বন্দীসকলক মুকলি নকৰালৈকে গাজাত কোনো যুদ্ধবিৰতি নহয় (Netanyahu says Israel open to ‘little pauses’ in Gaza, but no cease-fire)।