Russo-Ukrainian War : পুনৰ আৰম্ভ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ, “পাৰমাণৱিক আক্ৰমণ”ৰ ভাবুকি ৰাছিয়াৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ জুলাই : ৰাজধানী মস্কোত ড্ৰ’ন আক্ৰমণৰ পিছত ৰাছিয়ালৈ যুদ্ধ পুনৰ আহিব বুলি সকীয়াই দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে (Russo-Ukrainian War)। জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ ভূখণ্ডত আক্ৰমণ দুয়োখন দেশৰ মাজত হোৱা যুদ্ধৰ এক “অনিবাৰ্য, স্বাভাৱিক আৰু একেবাৰে ন্যায্য প্ৰক্ৰিয়া”।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে তিনিখন ইউক্ৰেইনৰ ড্ৰ’ন নমাই দিয়া হয় আৰু দুখন ড্ৰ’ন দুৰ্ঘটনাগ্ৰস্ত হয় কাৰ্যালয়ত(War Returning To Russia) । ফলত চহৰৰ মাজমজিয়াৰ দক্ষিণ-পশ্চিমে থকা ভ্নুকোভ’ বিমানবন্দৰটোও কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল।
ইউক্ৰেইনৰ ড্ৰ’নে এদিন পূৰ্বে মস্কোত আক্ৰমণ কৰিছিল (three Ukrainian drones were downed over Moscow early) । যাৰ বাবে মস্কো বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছিল । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াত প্ৰত্যাক্ৰমণৰ কথা উল্লেখ কৰে । এই পৰিস্থিতিত ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা পুটিনৰ ঘনিষ্ঠ নেতা দিমিত্ৰী মেডভেডেভে পুনৰবাৰ ‘পাৰমাণৱিক আক্ৰমণ’ৰ ভাবুকি দিছে ।
ৰাছিয়াৰ বছৰজোৰা উপৰ্যুপৰি আক্ৰমণত শলঠেকত পৰি থকা ইউক্ৰেইনে এইবাৰ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ৷ কিন্তু ৰাছিয়াৰ দৰে বিশাল সেনাবাহিনী প্ৰেৰণ কৰি নহয়, ইউক্ৰেইনে প্ৰত্যাক্ৰমণ কৰিছে ড্ৰোনৰে , সেইয়া ৰাছিয়াৰ ৰাজধানী খোদ মস্কোত ৷
দেওবাৰে ছ’চিয়েল মিডিয়াত তেওঁ কয় যে যদি ইউক্ৰেইনৰ আক্ৰমণৰ সন্মুখত ৰাছিয়াৰ সেনাই পিছুৱাই যাব লাগে তেন্তে ৰাছিয়াই পাৰমাণৱিক আক্ৰমণৰ পথ অনুসৰণ কৰিব লাগিব। মেডভেডেভে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এই সন্দৰ্ভত “ডিক্রী” আছে।
মেডভেডেভে কয় যে ‘’ইউক্ৰেইনে নাটোৰ সহযোগত যি আক্ৰমণ চলাই আছে, যদি ই সফল হয় আৰু তেওঁলোকে আমাৰ মাটিৰ যিকোনো অংশ দখল কৰে, তেন্তে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ডিক্রী অনুসৰি আমি পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ’ম। তেতিয়া আন কোনো উপায় নাথাকিব। গতিকে আমাৰ শত্ৰুৱে আমাৰ যোদ্ধাসকলৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰা উচিত। তেওঁলোকে নিশ্চিত কৰিব লাগিব যে সমগ্ৰ বিশ্বতে যাতে পাৰমাণৱিক যুদ্ধ আৰম্ভ নহয়।”
দেওবাৰে পুৱতি নিশা মস্কোৰ নুকোভো বিমান বন্দৰৰ কাষত ইউক্ৰেইনে উপৰ্যুপৰি দুটা ড্ৰোন আক্ৰমণ সংঘটিত কৰে ৷ দুটা পৃথক বহুমহলীয়া অট্টালিকাত চলোৱা এই আক্ৰমণত দুয়োটা অট্টালিকাই ক্ষতিগ্ৰস্ত হয় আৰু নুকোভো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ অচল হৈ পৰে ৷ দুয়োখন ড্ৰোন বিস্ফোৰক ভৰ্তি আছিল আৰু অট্টালিকাত খুন্দা মৰাৰ লগে লগে বিস্ফোৰণ সংঘটিত হয় ৷ ধাৰণা কৰা অনুসৰি দুয়োখন আছিল ‘গাইডেড’ ড্ৰোন ৷
দুখনকৈ ‘গাইডেড’ ড্ৰোনৰ আক্ৰমণৰ লগে লগে নুকোভো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ বহুসময়ৰ বাবে বন্ধ কৰি দিয়া হয় ৷ মস্কোৰ মেয়ৰে প্ৰকাশ কৰা অনুসৰি বহুকেইখন বিমান নুকোভোত অৱতৰণ কৰিবলৈ নিদি ঘূৰাই পঠোৱা হয় ৷ তথ্য অনুসৰি, ক্ৰেমলিনে এই আক্ৰমণৰ বাবে ইউক্ৰেইনকে দায়ী কৰে ৷
অৱশ্যে এই আক্ৰমণত কোনোলোক হতাহত হোৱা নাই ৷ ড্ৰোন আক্ৰমণৰ বহুকেইটা ভিডিঅ’ ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৷ ইয়াৰ পাছতে মস্কোৰ মেয়ৰ ছেৰ্গেই ছোৰিয়ানিনে কয়–‘ বিমান বন্দৰৰ তেনেই সমীপত ইউক্ৰেইনে আক্ৰমণ চলাইছে ৷ ড্ৰোনৰ আক্ৰমণত দুটা অট্টালিকাৰ কিছু ক্ষতি হৈছে ৷ এইটো সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে আমি গণ্য কৰিছো ৷ এখন ড্ৰোন আমি গুলী কৰি ভূপাতিত কৰিছো ৷ আনখন অট্টালিকাত খুন্দা খাই বিস্ফোৰণৰ লগে লগে ভাগি পৰে ৷’
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়েও এই আক্ৰমণৰ কথা স্বীকাৰ কৰি আক্ৰমণৰ বাবে ইউক্ৰেইনক জগৰীয়া কৰিছে ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে মুঠ চাৰিটা ড্ৰোনেৰে ইউক্ৰেইনে আক্ৰমণ চলাইছিল, যাৰ দুটা বিস্ফোৰণৰ পূৰ্বেই নিয়ন্ত্ৰণ হেৰুৱাই ভাগি পৰে ৷ বাকী দুটাৰ এটা ৰাছিয়াৰ সেনা বাহিনীয়ে গুলীয়াই ভূপাতিত কৰে আৰু এটাই অট্টালিকাত খুন্দা মাৰি বিস্ফোৰণ ঘটি ভাগি পৰে ৷
শেহতীয়াকৈ ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলাইছে । জেলেনস্কিয়ে কয় যে এই আক্ৰমণৰ লক্ষ্য হৈছে ইউক্ৰেইনৰ যিবোৰ অংশ ৰাছিয়াই এতিয়ালৈকে দখল কৰি আছে সেইবোৰ পুনৰ দখল কৰা । কিন্তু এতিয়ালৈকে এই পদক্ষেপ বৰ বেছি ফলপ্ৰসূ হোৱা নাই।
লগতে পঢ়ক : Human sacrifice of Minor boy in Odisha : ওড়িশাত নাবালক কিশোৰৰ নৰ বলিৰ সন্দেহ, গ্ৰেপ্তাৰ মহিলা বেজসহ ৩ পুত্ৰ