Local, Vocal, Global

WATCH | Waqf Bill: বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক পাৰিত হ’ল লোকসভাত

নিউজ ডেস্ক, ৩এপ্ৰিল : বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়ক পাৰিত হ’ল লোকসভাত। মাজনিশা লোকসভাত পাৰিত হ’ল ৱাকফ সংশোধনী বিধেয়ক।

তীব্ৰ বিৰ্তকৰ মাজতে মাজনিশা লোকসভাত পাৰিত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক। বুধবাৰে সংসদৰ নিম্ন সদনত এই বিধেয়ক দাখিল কৰিছিল কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। দিনজোৰা বিতৰ্কৰ অন্তত নিশা ১২ বজাৰ পৰাও সংসদত (Loksabha News) আৰম্ভ হয় আলোচনা(Waqf Bill)।

সংসদত চলিল বিধেয়কখনক লৈ ভোটদান । ভোটদানৰ অন্তত অৱশেষত গৃহীত হয় বিধেয়কখন।

বিধেয়কখনৰ পক্ষত ২৮৮টা ভোট আৰু বিপক্ষে ২৩২টা ভোট। ৱাকফ হৈছে মুছলমানসকলৰ পৰা দানসূত্ৰে সংগ্ৰহ কৰা সম্পত্তি যাক মুছলমান সম্প্ৰদায়ৰ উন্নয়ন আৰু কল্যাণৰ বাবে ব্যৱহাৰ কৰা হয় । ভাৰতত মধ্যযুগৰ পৰাই বহু মুছলমানে নিজৰ মাটি সম্পত্তি মুছলিম জনগোষ্ঠীৰ কল্যাণৰ বাবে দান দি গৈছে ।

ৱাকফ দুই প্ৰকাৰৰ-ৰাজহুৱা ৱাকফ আৰু বংশগতভাৱে কৰা ৱাকফ । ৱাকফ বিলক লৈ কংগ্ৰেছৰ তীব্ৰ বিৰোধীতা কৰা দেখা পোৱা যায়। সাংসদ ৰাহুল গান্ধীয়ে টুইটাৰত এটা পোষ্ট কৰি ৱাকফ বিধেয়কক এক অস্ত্ৰ বুলি অভিহিত কৰি কয় যে ইয়াৰ উদ্দেশ্য হৈছে মুছলমানসকলক এলাগী কৰা আৰু তেওঁলোকৰ ব্যক্তিগত আইন আৰু সম্পত্তিৰ অধিকাৰ হস্তগত কৰা । “আৰ এছ এছ, বিজেপি আৰু তেওঁলোকৰ মিত্ৰশক্তিৰ দ্বাৰা সংবিধানৰ ওপৰত কৰা এই আক্ৰমণৰ লক্ষ্য আজি মুছলমানসকল, কিন্তু ভৱিষ্যতে আন সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাৰ এক দৃষ্টান্ত স্থাপন কৰিছে ।”

ইফালে সাংসদ গৌৰৱ গগৈৰ মন্তব্য “এই বিধেয়কখন আমাৰ সংবিধানৰ মৌলিক গাঁথনিৰ ওপৰত আক্ৰমণ, আমাৰ ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণ আৰু ইয়াৰ চাৰিটা প্ৰাথমিক উদ্দেশ্য আছে : সংবিধানক লঘু কৰা, সংখ্যালঘু সম্প্ৰদায়ক বদনাম কৰা, ভাৰতীয় সমাজক বিভাজন কৰা আৰু সংখ্যালঘুসকলক বঞ্চিত কৰা ।” তেওঁ অভিযোগ কৰে ।

লগতে পঢ়ক : WATCH | Ration Card Benefits : ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে