WATCH | Waqf Bill : লোকসভাত গৃহীত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক
নিউজ ডেস্ক,৩এপ্ৰিল : দেশবাসীৰ বাবে ডাঙৰ খবৰ!
লোকসভাত গৃহীত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক।
বুধবাৰে সংসদৰ নিম্ন সদনত এই বিধেয়ক দাখিল কৰিছিল কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে। এই বিধেয়কখনৰ বিৰোধিতা কৰি সংসদত উদাত্ত ভাষণ ৰাখিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।
দিনজোৰা বিতৰ্কৰ অন্তত নিশা ১২ বজাৰ পৰাও সংসদত আৰম্ভ হয় আলোচনা। সংসদত চলে বিধেয়কখনক লৈ ভোটদান(Waqf Bill)।
ভোটদানৰ অন্তত অৱশেষত গৃহীত হয় বিধেয়কখন। বিধেয়কখনৰ পক্ষত ২৮৮টা ভোট পৰিছে। বিপক্ষে পৰিছে ২৩২টা ভোট।
লগতে পঢ়ক : WATCH | Health Tips : আজি জানি লওক কি খাদ্য় গ্ৰহণ কৰিলে আপোনাৰ শৰীৰৰ ভিটামিন ডিৰ অভাৱ দূৰ হ’ব