Local, Vocal, Global

WATCH | Waqf Amendment Bill : ৱাকফ সংশোধনী বিধেয়কক লৈ দেশ জ্বলিছে

নিউজ ডেস্ক,৫এপ্ৰিল : ৱাকফ সংশোধনী বিধেয়কক লৈ দেশ জ্বলিছে। দেশৰ ভিন্ন প্ৰান্তত মুছলমানে ওলিয়াইছে প্ৰতিবাদী কাৰ্যসূচী।

১৩ ঘণ্টীয়া দীঘলীয়া বিতৰ্কৰ অন্তত ভোটৰ জৰিয়তে গৃহীত হয় ৱাকফ সংশোধনী বিধেয়ক। ১২৮ জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। বিপক্ষে ভোটদান কৰিলে ৯৫ জন লোকে। মোদী চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ বাধা আছিল ৰাজ্যসভাত ৱাকফ (সংশোধনী) বিধেয়ক ২০২৫ গৃহীত হোৱা। কিন্তু চৰকাৰে তাৰ পৰাও সংখ্যাগৰিষ্ঠ ভোটেৰে গৃহীত কৰিবলৈ সক্ষম হ’ল।সকলো বিতৰ্কৰ অৱসান ঘটাই আজি ৪ এপ্ৰিলৰ পুৱা ২:৩২ বজাত ৰাজ্যসভাতো ৱাকফ (সংশোধনী) বিধেয়ক গৃহীত কৰা হয়(Waqf Amendment Bill)।

বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ সত্ত্বেও সংখ্যাৰ খেলত জয়ী হৈছে মোদী চৰকাৰ।

বিৰোধী দলসমূহে বিধেয়কখনক মুছলমান বিৰোধী আৰু অসাংবিধানিক বুলি অভিহিত কৰিছে। কিন্তু চৰকাৰে যুক্তি দিছে এই ঐতিহাসিক সংস্কাৰে সংখ্যালঘু সম্প্ৰদায়ক উপকৃত কৰিব। চৰকাৰৰ এই যুক্তিৰ পাছতেই জাঙুৰ খাই উঠিল এগৰাকী নিৰ্দলীয় দলৰ সাংসদ তথা উচ্চতম ন্যায়ালয় বাৰ এছ’চিয়েশ্যনৰ সভাপতি কপিল ছিবালে। কপিল ছিবালৰ প্ৰশ্ন

হিন্দু মন্দিৰৰ নামতো বহু সম্পত্তি আছে। সেইবোৰক লৈ বিজেপিৰ মাত কিয় নাই। দেশৰ বহু কেইখন ৰাজ্যত মন্দিৰৰ নামত প্ৰায় দহ লাখ একৰ ভুমি আছে। সেইবোৰ ভুমিক লৈ বিজেপি কিয় নিমাত।

কেৱল এইয়াই নহয়। ৱাকফ বৰ্ড মানে কি। দেশৰ বহু জনতাই এই কথা বুজি নাপাই। ৱাকফ বৰ্ড অধীনত থকা ভুমি প্ৰকৃতাৰ্থত কাৰ হয় তাকো কলে সাসংদ কপিল ছিবালে

লোকসভাই অনুমোদন দিয়াৰ পাছতেই ৰাজ্যসভাতো ভোটৰ ভোটৰ জড়িয়তে অনুমোদন জনায় । এতিয়া কেৱল অপেক্ষা দেশৰ মহামহিম ৰাষ্ট্ৰপতিৰ অনুমোদনৰ।

লগতে পঢ়ক : WATCH | Congress Protest : কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ মাজমজিয়া