Local, Vocal, Global

WATCH | Waqf Amendment Bill: বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই দেশৰ লগতে ৰাজ্যতো প্রতিবাদ

অভয়াপুৰী,৪এপ্ৰিল : বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই দেশৰ লগতে ৰাজ্যতো প্রতিবাদ। বঙাইগাঁও জিলাৰ লেংটিছিঙাত ৱাকফ সংশোধনী বিধেয়ক বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত(Waqf Amendment Bill)।

আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত লেংটিছিঙা তিনিআলিত উক্ত আইনখনৰ প্ৰতীকিৰূপত দাহ কৰি পৰিস্থিতি উত্তাল কৰি তোলে সংগঠনটোৱে। মুখত কলা কাপোৰ বান্ধি হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে আমছুৱে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

ৱাকফ সংশোধনী বিধেয়ক ২৪ বাতিল নহলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ।

লগতে পঢ়ক : WATCH | Gelakey News : আমগুৰি নামতিৰ ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান