Local, Vocal, Global

WATCH | Waqf Amendment Bill: ওদালগুৰিৰ ৰৌতাৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ

ওদালগুৰি,৪এপ্ৰিল : লোকসভা-ৰাজ্যসভা উভয় সদনত গৃহীত হ’ল ৱাকফ্ সংশোধনী বিধেয়ক। বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই দেশৰ লগতে ৰাজ্যতো প্রতিবাদ। ওদালগুৰিৰ ৰৌতাৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমছুৰ তীব্ৰ প্ৰতিবাদ।

কেন্দ্ৰীয় চৰকাৰে সংসদত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত কৰাৰ পিছতেই গৰজি উঠিছে এতিয়া আমছুয়ে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ ৰৌতাতো ওদালগুৰি জিলা আমছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ(Waqf Amendment Bill)।

আমছু ৰ শতাধিক সদস্য আৰু সংখ্যালঘু ৰাইজে মুখত ক’লা কাপোৰ পৰিধান কৰি চৰকাৰ বিৰোধী শ্লোগানৰে উত্তাল কৰি তোলে ৰৌতাৰ বকুলতলা বজাৰ। প্ৰতিবাদত ৱাকফ সংশোধনী বিধেয়ক-২০২৫ প্ৰতিলিপি দাহ কৰে। আমছুৰ হুংকাৰ এই আইন কোনোপধ্যেই মানি লোৱা নহব। এই আইন বাতিল কৰিবই লাগিব। এই আইন বাতিল নকৰিলে ইয়াতকৈ আৰু ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমছুৰ।

লগতে পঢ়ক : WATCH | Gelakey News : আমগুৰি নামতিৰ ৭৯৭ নং ধোদৰ আলি প্ৰাথমিক বিদ্যালয়ত উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠান