Local, Vocal, Global

WATCH | Waqf Act 2025: ৱাকফ সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ কাছাৰৰ কালাইনত

শিলচৰ,১২এপ্ৰিল : ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত আছে। কোনো কাৰণতে মানি লোৱা নহ’ব ৱাকফ সংশোধনী আইন বুলি স্পষ্ট কৰি দিছে মুছলমানৰ বিভিন্ন দল-সংগঠনে ।

এই দল-সংগঠনৰ আহ্বানত সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মুছলমান লোক সকলে। প্ৰতিবাদৰ প্ৰভাৱো বৰাকত। শনিবাৰে কাছাৰ’ৰ কালাইন বজাৰৰ বাছ ষ্টেণ্ডত কেইবা হাজাৰ লোকৰ উপস্থিতিত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়(Waqf Act 2025)।

এই প্রতিবাদ সাব্যস্ত কৰি ৱাকফ সংশোধনী আইন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। ৱাকফ সংশোধনী আইন প্ৰত্যাহাৰ নকৰিলে এই আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিছে প্ৰতিবাদকাৰীসকলে।

লগতে পঢ়ক : WATCH | Assam Congress spokesperson Reetam Singh detained : জাগীৰোডত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক আটক