Local, Vocal, Global

ৰাতিপুৱা শুই উঠি খালী পেটত হালধি খাওঁক,হালধিত আছে বহুতো আশ্চৰ্যকৰ লাভলাভ…

ডিজিটেল ডেস্কঃ-ৰূপচৰ্চাত হালধিকৰ ব্যাপক ব্যৱহাৰ কৰা হয়।কিন্তু হালধিত আছে বহুতো ঔষধি গুণ।হালধি স্বাস্থ্যৰ বাবে অতি উপকাৰী।ৰাতিপুৱা খালী পেটত হালধি খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়।

হালধিয়ে হজমশক্তি বৃদ্ধি কৰি খাদ্য পৰিপক্কতাত যথেষ্ট সহায় কৰে।

কেঁচা হালধিৰ মুখ্য উপাদান কাৰকিউমিনে হাড়ৰ ক্ষয়ক ৰোধ কৰে।

কেঁচা হালধিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ আৰু ইনচুলিন হৰমনৰ কাৰ্যপ্ৰণালী সকলো ধৰণে বজাই ৰখাত সহায় কৰে।

হালধিত থকা এণ্টি-বেক্টেৰিয়া-প্ৰতিৰোধী উপাদানবোৰে দাঁতবোৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা মুক্ত ৰাখে। দাঁতৰ গুৰি শক্তিশালী কৰে।

হালধিত যথেষ্ট পৰিমাণে আয়ৰণ থাকে। হালধি তেজত আয়ৰণৰ পৰিমাণ হ্ৰাস হ’লে বৃদ্ধি কৰাত কাৰ্যকৰী হয় হালধি ।


দীৰ্ঘদিন ধৰি কলেষ্টেৰলত ভুগি থকা লোকসকলৰ বাবে কেঁচা হালধিয়ে যাদুৰ দৰে কাম কৰে।

শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰী। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে।

হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই।

হালধি মুখৰ উজ্বলতাৰ বাবেও যথেষ্ট উপকাৰী।

হালধি চকুৰ ৰোগৰ বাবে উপকাৰী।

লিভাৰৰ ৰোগ, আভোক, জণ্ডিছ, চিৰচিচ আদি ৰোগৰ বাবে হালধি অতি উপকাৰী।