Local, Vocal, Global

VP Jagdeep Dhankhar arrives at LGBI Airport : বৰঝাৰ বিমান বন্দৰত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

নিউজ ডেস্ক,১৬অক্টোবৰ : দুদিনীয়া কাৰ্যসূচীৰে অসম আৰু মেঘালয়লৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়৷ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মুখ্য সচিব ড০ ৰবি কোটাই(VP Jagdeep Dhankhar arrives at LGBI Airport)৷

উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ মুহূৰ্তত পাটোৱাৰীৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্য সচিব ৰবি কোটা, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া।

বিমান বন্দৰতে উপ-ৰাষ্ট্ৰপতিগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনাই গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই। উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভ্ৰমণত আহিছে তেওঁৰ পত্নী সুদেশ ধনখড়।

লগতে পঢ়ক :Theft in Jamugurihat : ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে ৬ লক্ষাধিক টকাৰ গহণা আৰু নগদ ২০ হাজাৰ টকা