Local, Vocal, Global

Assembly elections: আজি মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক,২০ নৱেম্বৰ : আজি মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।পুৱা ৭বজাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ(Voting in Maharashtra,Jharkhand today)।

মহাৰাষ্ট্ৰৰ ২৮৮খন আসনৰ বাবে হ’ব ভোটগ্ৰহণ। ঝাৰখণ্ডত ৩৮টা সমষ্টিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্ণয় হ’ব বহু হাইপ্ৰ’ফাইল নেতাৰ ভাগ্য। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। উত্তৰ প্ৰদেশৰ ৯ বিধানসভা সমষ্টিতো উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৯০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Assembly elections)।

এই নিৰ্বাচনত বিজেপিয়ে সৰ্বাধিক ১৪৮ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তাৰ পিছতে আছে কংগ্ৰেছ। কংগ্ৰেছে ১০৩খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ শিৱসেনাই ৮০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অজিত পাৱাৰৰ এন চি পি দলে ৫৩খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

লগতে পঢ়ক :ৰেষ্টুৰেণ্টত ভয় ভাবুকিৰে অভদ্ৰ আচৰণ তিনি বহিৰাগত যুৱকৰ