Mizoram Assembly Elections 2023 : আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ;৮,৫১,৮৯৫গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৭৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য

নেশ্যনেল ডেস্ক, ৭ নৱেম্বৰ : আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৮,৫১,৮৯৫গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৭৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Mizoram Assembly Elections 2023 ) ।
আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে মিজোৰামত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ৪০ জনীয়া মিজোৰাম বিধানসভাৰ নিৰ্বাচনৰ বাবে মঙলবাৰে একক পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে । পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ(Voting commences for all 40 seats in Mizoram) ।
ৰাজ্যখনত মুঠ ৮,৫১,৮৯৫ জন ভোটাৰে (৪,১২,০৬২ জন পুৰুষ, ৪,৩৯,০২৬ গৰাকী মহিলা আৰু ৪,৯৭৫ জন সেৱা ভোটাৰে) নিৰ্ণয় কৰিব ২৭৪ জন প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে ১৬ জন মহিলা প্ৰাৰ্থী আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ বুলি জানিব পৰা গৈছে ৷ ইযাৰে মুঠ ৫০,৬১১ জন ভোটাৰ ১৮-১৯ বছৰ বয়সৰ আৰু এওঁলোকে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ।
ইয়াৰ উপৰিও ৮০ বছৰৰ উৰ্ধৰ ৮,৪৯০ জন জ্যেষ্ঠ নাগৰিকেও এই নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে(2023 Mizoram Legislative Assembly election) ।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি চৰকাৰী ভোটগ্ৰহণৰ তাৰিখৰ পূৰ্বে ইতিমধ্যে প্ৰায় ১০ হাজাৰ আগতীয়া ভোটাৰে ভোটদান কৰিছে । এই ভোটাৰসকলৰ ভিতৰত আছে ৮০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তি, সেৱা ভোটাৰ আৰু ডাক বেলট ব্যৱহাৰ কৰা ভোটগ্ৰহণ কৰ্মী । ভোটাৰৰ ভোটদানৰ হাৰ অধিক বজাই ৰখা আৰু ভোটদান প্ৰক্ৰিয়া শান্তি প্ৰক্ৰিয়াৰে নিশ্চিত কৰাৰ ক্ষেত্ৰত মিজোৰামৰ সুনাম আছে । নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ২০১৮ চনৰ নিৰ্বাচনত ভোটাৰৰ হাৰ ৮১.৩১ % আছিল, যিটো ২০১৩ চনত ৮০.৮০ % আছিল ।
খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ ৰাজ্যখনৰ এইবাৰো যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হয় তাৰবাবে নিৰ্বাচন আয়োগৰ বিষয়া আৰু নিৰাপত্তাৰক্ষীয়ে বিভিন্ন সমষ্টিত থকা ভোটগ্ৰহণ কেন্দ্ৰসমূহত কঠোৰ দৃষ্টি ৰাখিছে ৷ এই নিৰ্বাচনত শাসকীয় মিজো নেশ্যনেল ফ্ৰণ্ট (MNF), বিৰোধী জোৰাম পিপলছ পাৰ্টি (জেডপিএম) আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মাজত এক তীব্ৰ ত্ৰিকোণীয় নিৰ্বাচনী প্ৰতিযোগিতা হ’ব বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।
লগতে পঢ়ক : Supected Murder in Bilasipara : বিলাসীপাৰাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু