Vitamin E deficiency : ভিটামিন E-ৰ অভাৱ হ’লে আমি কেনেধৰণে সমস্যাৰ সন্মুখীন হব পাৰো
ভিটামিন ই শৰীৰৰ বাবে যথেষ্ট উপযোগী। শৰীৰক স্বাস্থ্য়ৱান কৰি ৰখা আৰু ছাল,চুলি আৰু পেশী গঠনত ভিটামিন ই ৰ যথেষ্ট ভূমিকা আছে(Vitamin E deficiency)। ভিটামিন ই ছালৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিটামিন ই-য়ে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাৰ উপৰিও, তেজ গোট মৰাৰ পৰা সুৰক্ষা দিয়াৰ উপৰিও আমাৰ শৰীৰক বিভিন্ন প্ৰকাৰৰ সহায় কৰে। অৱশ্যে, আমাৰ দৈনন্দিন জীৱনত বিভিন্ন অলাগতীয়াল অভ্যাসৰ বাবে ভিটামিন ই-ৰ অভাৱ দেখা যায়(Vitamin E Deficiency symptoms)।
আমাৰ শৰীৰত যদি E ভিটামিনৰ অভাৱ থাকে, তেন্তে এই লক্ষণসমূহে দেখা দিয়ে(Vitamin E Deficiency symptoms)
যদি আমাৰ শৰীৰত ভিটামিন ই -ৰ অভাৱ হয় তেন্তে হাড়,দাঁতৰ বিভিন্ন সমস্যা হয় ।শৰীৰত ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়। ভিটামিন ই-ৰ অভাৱৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী হ্ৰাস হয়।
যদি আমাৰ শৰীৰত পৰ্যাপ্ত ভিটামিন E ভিটামিন নাথাকে তেন্তে পেশীবোৰত ‘অক্সিডেটিভ চাপ’ হ’ব পাৰে। হাত আৰু ভৰি লৰচৰ কৰাৰ ক্ষেত্ৰত, শৰীৰটো সঠিকভাৱে লৰচৰ কৰাৰ ক্ষেত্ৰত স্নায়ু আৰু মগজুৰ মাজত এক সম্পৰ্ক থাকে। ভিটামিন ই-ৰ অনুপস্থিতিত, মগজুৰ ‘পাৰ্কিঞ্জি স্নায়ু’ ক্ষতিগ্ৰস্ত হ’ব পাৰে। যি শৰীৰৰ আন স্নায়ুৰ পৰা সংকেত প্ৰাপ্ত কৰে। ইয়াৰ বাহিৰেও, ভিটামিন-ই-ৰ অভাৱৰ ফলত দৃষ্টিশক্তিৰ সমস্যা হয়। এই ভিটামিনৰ অভাৱৰ ফলত চকুৰ সমস্যা হয়। সেইকাৰণে এই বিষয়েও সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।
ভিটামিন E আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ভিটামিন E ত এন্টিঅক্সিডেন্ট থাকে যি আমাৰ ছালক অতিবেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। সেয়েহে দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক। পেশীৰ দুৰ্বলতা,পেশীৰ সংকোচন,পেশীৰ মাজত কোনো অংশত ভাৰসাম্য নোহোৱা হোৱা সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি ভিটামিন E ৰ অভাৱৰ ফলত দেখা দিয়া লক্ষণ।
ভিটামিন E চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ।এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ’ব পাৰে। ফলত দৃষ্টিশক্তি দুৰ্বল হয়।
ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। আমাৰ আহাৰত ভিটামিন সমৃদ্ধ কৰি ৰাখিব লাগে।
ভিটামিন ই হৈছে চৰ্বি -সংম্পৃক্ত ভিটামিন যি এন্টি অক্সিডেন্ট হিচাপে কাম কৰে।
ভিটামিন ই-য়ে এন্টি অক্সিডেন্ট হিচাপে কোষসমূহক ৰক্ষা কৰা।অধিকতৰ ছালৰ কোষক ক্ষতি কৰাৰ পৰা প্ৰতিৰক্ষা কৰা আদিত সহায় কৰে।