Local, Vocal, Global

Vishwakarma Puja 2024 : আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা

নিউজ ডেস্ক,১৭ছেপ্তেম্বৰ : আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা পূজা–অৰ্চনাত ব্যস্ত ভক্তসকল। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা। প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা(Vishwakarma Puja 2024)।

উল্লেখ্য যে, বিশ্বকৰ্মা পূজাৰ দিনা কাৰিকৰ আৰু শিল্পীসকলে তেওঁলোকে ব্যৱহাৰ কৰা সা–সৰঞ্জাম ভগৱান বিশ্বকৰ্মাৰ শ্ৰীচৰণত আগবঢ়ায়। আগন্তুক বছৰটো যাতে সমৃদ্ধিশালী হয় তাৰ বাবে বাবা বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি ৰীতি–নীতি অনুসৰি পূজা–অৰ্চনা কৰা হয়। এই দিনটোত পুৱাই সকলোৱে নিজৰ গাড়ী-মটৰ, মেচিন, হাতুৰী-বতালীকে ধৰি কাৰিকৰী যন্ত্ৰ পাতি পৰিষ্কাৰ কৰে। কেৱল যে কাৰিকৰ আৰু শিল্পীসকলেহে এই পূজা কৰে তেনে নহয়, সকলোৱে পালন কৰে বিশ্বকৰ্মা পূজা।

ভগৱান বিশ্বকৰ্মাক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়। তেওঁক বিশ্ব খনিকৰ বুলি কোৱা হয়। বিশ্বকৰ্মাক মৰ্ত্যৰে নহয়, দেৱতাসকলৰো শিল্পী বুলি বিশ্বাস কৰা হয়। ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় এই বিশ্বকৰ্মা পূজা।

লগতে পঢ়ক :Elephant menace in Mariani : মৰিয়নীত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ