Local, Vocal, Global

Virat Kohli, Rohit Sharma announce retirement from T20Is : বিশ্বকাপ জয় কৰি বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ টি-20 ৰ পৰা অৱসৰ ঘোষণা

স্পৰ্ট ডেস্ক,৩০জুন : টী-20 বিশ্বকাপত তাৰপিছতে বিজয়ৰ খিতাপ দখল কৰাৰ পাচতে অৱসৰৰ কথা ঘোষণা কৰিলে ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে ।বিৰাট কোহলিৰ সৈতে একে সময়তে 37 বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ৰোহিত শৰ্মাই।

বৰ্তমানৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্বৰ পৰাও ৰোহিত শৰ্মাক অপসাৰণ কৰা হৈছে। কিন্তু তেওঁ টি-২০ বিশ্বকাপত দেশৰ হৈ এবাৰ খেলিব বিচাৰিছিল। তাতেই সফল হ’ল তেওঁ(Virat Kohli, Rohit Sharma announce retirement from T20Is)।

আইচিচি আৰু বিচিচিআইয়ে টি-20 ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ তথ্য তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত শ্বেয়াৰ কৰিছে ।

খেলখনৰ অন্তত সংবাদমেল সম্বোধন কৰি ৰোহিত শৰ্মাই কয়, ‘‘এইখন মোৰ শেষ মেচ আছিল । অৱসৰ ল’বলৈ ইয়াতকৈ ভাল সময় হ’ব নোৱাৰে ৷ ট্ৰফীটো লাভৰ আশা কৰিছিলো । শব্দৰে বুজাবলৈ অসুবিধা সেই অনুভৱ । এইটোৱেই মোৰ ইচ্ছা আৰু এইটোৱেই হ’ল । ট্ৰফীটোৱে মোৰ জীৱনত হতাশা সৃষ্টি কৰিছিল । এইবাৰ আমি অৰ্জন কৰিবলৈ পাই আনন্দিত হৈছো ।”

ৰোহিত শৰ্মাৰ টি-20 বিশ্বকাপত অভিষেক ঘটিছিল 2007 চনত আৰু 2024 চনৰ টি-20 বিশ্বকাপতেই অন্তিমখন খেল খেলি ট্ৰফী লাভ কৰাৰ লগতে দেশবাসীক গৌৰৱান্ধিত কৰি বিদায় ল’লে ।