Viral video :বিবাহ অনুষ্ঠানত নাচি থকাৰ মাজতেই কি হ’ল যুৱতীৰ সৈতে?
নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : আপোনাৰ মোৰ জীৱনৰ মূল্য কি এই ভিডিঅ’ টো চালে বুজিব।
এটা ভাইৰেল ভিডিঅ’ য়ে দেশবাসীক চিন্তিত কৰি চুলিছে। ভিডিঅ’ টোত দেখা যুৱতীগৰাকীয়ে অতি আনন্দ মনেৰে নৃত্যু কৰি আছে। কিন্তু এই যুৱতী গৰাকীৰ নাজানিছিল এইয়াই জীৱনৰ শেষ আনন্দ আছিল । ভনীয়েকৰ বিয়াত সকলোকে মনোমুগ্ধ কৰি মঞ্চত নৃত্যু কৰি আছিল । ৰিৰ্জটৰ চলি আছে বিবাহ অনুষ্ঠান(Viral video)।
নাচি থকা যুৱতী গৰাকীৰ মোমায়েকৰ জীয়ৰীৰ আছিল বিবাহ অনুষ্ঠান। ভগ্নীৰ বিয়া বুলি সাজোন কাচোন কৰি মঞ্চত নৃত্যু কৰি আছিল পৰিণীতা জৈনে। ভনীয়েকৰ বিবাহৰ কাৰণেই মধ্য প্ৰদেশৰ বিদিশালৈ গৈছিল পৰিণীতা জৈনে। পৰিনীতা জৈনৰ নাচত মুগ্ধ হৈছিল বিবাহস্থলীত আন লোক সকলেও। জনপ্ৰিয় এটা হিন্দী গানত নৃত্যু কৰি থকাৰ সময়তেই হঠাতে ঢলি পৰে যুৱতী গৰাকীয়ে আৰু মৃত্যু হয়। এইয়াই জীৱন। কোন কেতিয়া কোন পৰিস্থিতিত মৃত্যু আকোৱালী লব লগা হয় কোনেও নাজানে। ইতিমধ্যে এই ভিডিওটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
লগতে পঢ়ক :Sensational incident: স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীৰ চৰমপন্থা; হাতত লিখিলে ছুইচাইড নোট