Local, Vocal, Global

নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যুক লৈ সোণাৰিত চাঞ্চল্য

নিউজ ডেস্ক: সোণাৰি বৰাহী চাৰিআলিস্থিত এটা নিচামুক্তি কেন্দ্ৰত টিংখাঙৰ যুবকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অনিল বাইলুং নামৰ যুবক জনক নিচামুক্তি কেন্দ্ৰটোত ৰখাৰ পাছত যুৱকজনক থেৰাপিৰ নামত শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ। শাৰিৰীক নিৰ্যাতন চলোৱাৰ ফলতে যুৱকজনৰ নিচামুক্তি কেন্দ্ৰটোতে মৃত্যু হোৱাৰ অভিযোগ আনিছে পৰিয়ালে। যুৱকজনক সোণাৰি এখন ব্যক্তিগত নাৰ্চিংহোমলৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। যুৱকজনৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট হৈ থকাত পৰিয়ালৰ লোকে চফ্ৰাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। সোণাৰিত কেইবাটাও নিচামুক্তি কেন্দ্ৰ স্থাপন কৰা হৈ যদিও উচ্চহাৰত ধন লোবা নিচামুক্তি কেন্দ্ৰ কেইটাত কোনো বিশেষ সু-ব্যবস্থা নথকাৰ অভিযোগ উত্থাপিত হৈছে।