Local, Vocal, Global

Vinesh Phogat’s appeal for Olympic silver medal dismissed by CAS : চি এ এছে (CAS) বিনেশ ফোগাটৰ অযোগ্যতা আৰু যুটীয়া পদকৰ আবেদন প্ৰত্যাখ্যান

স্পৰ্টছ ডেস্ক, ১৫ আগষ্ট : চি এ এছে (CAS) বিনেশ ফোগাটৰ অযোগ্যতা আৰু যুটীয়া পদকৰ আবেদন প্ৰত্যাখ্যান ৷ এই সিদ্ধান্তৰ পিছতে এতিয়া বিনেশ ফোগাটে ৰূপৰ পদক নাপাব আৰু খালী হাতেৰে ঘূৰি আহিব লাগিব ৷

উল্লেখ্য যে, বিনেশ ফোগাটক পেৰিছ অলিম্পিকৰ মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰাৰ পিছত বিনেশে চি এ এছত এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিছিল ৷ তেওঁৰ আবেদনৰ ওপৰত, ক্ৰীড়াৰ বাবে মধ্যস্থতা আদালতে শুনানী গ্ৰহণত সন্মত হৈছিল আৰু বিনেশ ফোগাটে তেওঁৰ যুক্তি আগবঢ়াইছিল(Vinesh Phogat’s Appeal For Silver Medal At Paris Olympics 2024 Dismissed by CAS) ৷

বিনেশ ফোগাটৰ যুক্তি শুনাৰ পাছত, এতিয়া চি এ এছে তেওঁৰ অযোগ্যতাৰ সিদ্ধান্ত বাহাল ৰাখি যুটীয়া পদকৰ আবেদন নাকচ কৰিছে ৷ মধ্যস্থতা আদালতৰ এই সিদ্ধান্তৰ পিছত দেশখনে ইয়াৰ সপ্তমটো আৰু দ্বিতীয়টো ৰূপৰ পদকৰ আশা হেৰুৱাইছে ৷ অলিম্পিক শেষ হোৱাৰ পিছত বিনেশ পেৰিছত থাকে আৰু বাকী খেলুৱৈসকল ভাৰতলৈ ঘূৰি আহিছে(Vinesh Phogat’s appeal for Olympic silver medal dismissed by CAS) ৷

লগতে পঢ়ক : ULFA(i) plants bombs in 19 places of Assam : নলবাৰীতো উদ্ধাৰ বোমা সদৃশ সামগ্ৰী