WATCH | Vikshit Krishi Sankalp Abhiyan : ডিব্ৰুগড় জিলাত ‘বিকশিত কৃষি সংকল্প অভিযান’

ডিব্ৰুগড়,২৯মে’ : ডিব্ৰুগড় জিলাত ‘বিকশিত কৃষি সংকল্প অভিযান’। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত কৃষি গৱেষণা আৰু শিক্ষা বিভাগ , ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ নিৰ্দেশনা অনুযায়ী দেশজুৰি ‘বিকশিত কৃষি সংকল্প অভিযান’ৰ সূচনা কৰা হৈছে।
ইয়াৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাত ২৯ মে’ৰ পৰা ১২ জুনলৈকে ১৫ দিনীয়া কাৰ্য্যসূচীৰে ‘বিকশিত কৃষি সংকল্প অভিযান’ (Vikshit Krishi Sankalp Abhiyan) ৰূপায়ন কৰিবলৈ এলানি কাৰ্যসূচী হাতত লোৱা হয়। কৃষি বিজ্ঞান কেন্দ্ৰ, ৰমাই আৰু ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত হাতত লোৱা এই প্ৰচেষ্টাৰে জিলাখনৰ প্ৰায় ১০৪০০ কৃষকক সামৰি ল’বলৈ লক্ষ্য কৰা হৈছে।
‘বিকশিত কৃষি সংকল্প অভিযান’ৰ মাজেৰে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে কৃষকক অৱগত কৰোৱাৰ উপৰিও বিজ্ঞানীসকলক কৃষকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে। কৃষি বিভাগৰ বিভিন্ন আঁচনি-প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি (PM-KISAN), প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY), প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনা (PMKSY), ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY), ধান ক্ৰয় আঁচনি (Paddy/Mustard Procurement), খাদ্য আৰু পুষ্টি নিৰাপত্তা (FNS), ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান (NMNF), মাটিৰ স্বাস্থ্য কাৰ্ড (SHC), ৰাষ্ট্ৰীয় ভোজ্য-তৈল অভিযান (NMEO-OP), কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (ATMA), কৃষক পঞ্জীয়ন (Farmer Registery), ডিজিটেল শস্য জৰীপ (DCS), উত্তৰ-পূব আৰু হিমালয় ৰাজ্যসমূহৰ বাবে উদ্যান বিজ্ঞান অভিযান (HMNEH) আৰু মাটিৰ স্বাস্থ্য পৰীক্ষা, গাওঁ পৰ্য্যায়ৰ কৃষি সঁজুলি বেংক (VLFMB) আচঁনিৰ সুবিধা সমূহ কৃষকসকলে কেনেকৈ লাভ কৰিব পাৰে এই বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হ’ব।
কৃষি কৌশল প্ৰয়োগ গৱেষণা সংস্থা, গুৱাহাটী আৰু অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ কৃষি সম্প্ৰসাৰণ বিভাগৰ সমৰ্থনত আৰম্ভ কৰিবলগীয়া এই অভিযানত ডিব্ৰুগড় জিলাৰ উন্নয়নমূলক ব্লক আৰু গাওঁ পঞ্চায়ত সমূহ সামৰি লোৱা হৈছে ।
লগতে পঢ়ক :