Local, Vocal, Global

Vijaya Dashami 2024: :বিজয়া দশমীত দেৱী বিসৰ্জনৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি

নিউজ ডেস্ক,১২অক্টোবৰ : বিজয়া দশমীত দেৱী বিসৰ্জনৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি । ১২ আৰু ১৩ অক্টোবৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে(Vijaya Dashami 2024)।

আজি পুৱা ১০ বজাৰ পৰা বলৱৎ হৈছে এই নিৰ্দেশনা…

১. চানমাৰি দিশৰ পৰা জালুকবাৰীলৈ যোৱা বাহন এম চি ৰোড, জি এম বি ৰোড, কে এল বি ৰোড আৰু এম জি ৰোডেৰে প্ৰৱেশ কৰিব নোৱাৰিব। বাহনসমূহত গুৱাহাটী ক্লাৱৰ টি চি পইণ্টেৰে ঘূৰাই বি বৰুৱা ৰোড হৈ উলুবাৰী দিশে যাব লাগিব।

২. জালুকবাৰী আৰু ভৰলুমুখ দিশৰ পৰা অহা সকলো বাহন মাছখোৱা পুলিচ পইণ্টৰ এলিভেটেড কৰিড’ৰত ঘূৰাই এফ এ ৰোড আৰু এ টি ৰোডেৰে ঘূৰাই আনিব লাগিব।

৩. উজানবজাৰ, খাৰঘূলি আৰু নুনমাটিৰ পৰা অহা সকলো যান-বাহন প্লেনেটেৰিয়াম পইণ্টত ঘূৰাই লেম্ব ৰোড, জি এন বি ৰোড, টি চি পইণ্টৰে যাব পাৰিব।

ইফালে লাচিত ঘাটলৈ দেৱী বিসৰ্জনৰ বাবে যাবলগীয়া বাহনৰ ক্ষেত্ৰত জাৰি কৰিছে বিশেষ নিৰ্দেশনা…

১. চানমাৰিৰ দিশৰ পৰা অহা মূৰ্তি কঢ়িওৱা বাহনসমূহ গুৱাহাটী ক্লাবত ঘূৰাই বাৰোৱাৰী এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোড হৈ লাচিত ঘাটলৈ যাব পাৰিব।

২. টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ, আঠগাঁও আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ আৰ্য নগৰ এ কে আজাদ ৰোড, নেপালী মন্দিৰ, গধূলি বজাৰ, বিশাল পইণ্ট, পাণবজাৰ, জি এন বি ৰোড, কে এল বি ৰোড আৰু এম জি পথ হৈ লাচিত ঘাটলৈ যাব লাগিব।

৩. কুমাৰপাৰা আৰু লালগনেশ অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ বিষ্ণুপুৰ পথ, চাবিপুল, এ কে আজাদ ৰোড, নেপালী মন্দিৰ, পাণবজাৰ ROB- GNB ৰোড, KLB ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব।

৪. উলুবাৰী আৰু দক্ষিণ শৰণীয়া অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ জি এছ ৰোড, অপ্সৰা জনতা পইণ্ট হৈ সন্দিকৈ কলেজৰ সন্মুখেৰে লাচিত ঘাটলৈ যাব লাগিব।

৫. ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তি অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ জি এছ ৰোড, ভঙাগড়, ৰাজগড় ৰোড. কমাৰ্চ কলেজ পইণ্ট, চানমাৰি, গুৱাহাটী ক্লাব, এম চি ৰোড হৈ লাচিত ঘাটলৈ যাব পাৰিব।

৬.গণেশগুৰি, দিছপুৰ আৰু কাহিলীপাৰা অঞ্চলৰ পৰা প্ৰতিমা কঢ়িয়াই অনা যান-বাহন গণেশগুৰিৰ পৰা আৰ জি বৰুৱা পথ (চিৰিয়াখানা পথ)-জি এন বি ৰোড,গুৱাহাটী ক্লাব, এম চি ৰোড, এফ চি ৰোড, এম জি ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব।

৭. বি বৰুৱা পথেৰে উলুবাৰীৰ পৰা টি চি পইণ্টলৈ কোনো প্ৰতিমা কঢ়িওৱা বাহন চলাচল কৰিব নোৱাৰিব।

৮. লাচিত ঘাটত বিসৰ্জনৰ পিছত সকলো প্ৰতিমা কঢ়িওৱা বাহন এম জি ৰোড, ডি জি ৰোড বা এ টি ৰোডেৰে বাহিৰলৈ ওলাই যাব।

৯. মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু অভিমুখে কোনো প্ৰতিমা কঢ়িওৱা বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

১০. আদাবাৰী তিনিআলি হৈ পাণ্ডু বন্দৰৰ বিসৰ্জন ঘাটৰ দিশে যাব লাগিব প্ৰতিমা কঢ়িয়াই নিয়া বাহনসমূহ।

১১. বিসৰ্জনৰ পাছত বাহনসমূহ কেৱল সদিলাপুৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে চলাচল কৰিব পাৰিব।

১২. ভৰলুমুখ আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ এ টি পথ আৰু ডি জি পথৰ মাজেৰে পাণ্ডু অভিমুখে যাব পাৰিব।

লগতে পঢ়ক :Dead body found in Kaliabor : কলিয়াবৰৰ ধাননী পথাৰৰ মাজত উদ্ধাৰ যুৱকৰ মৃতদেহ