Victims of gruesome Chagai executions ‘identified as Afghans’ : অৱশেষত চিনাক্ত কৰা হ’ল বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ৫টাকৈ মৃতদেহ

ইণ্টাৰনেশ্যনেল ডেস্ক,১৮আগষ্ট : অৱশেষত চিনাক্ত কৰা হ’ল বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা ৫টাকৈ মৃতদেহ ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ পৰিচয়৷
উল্লেখ্য যে,শনিবাৰে পাকিস্তানৰ চাগাই জিলাৰ দলবন্দিনত বিদ্যুতৰ খুঁটাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল পাঁচজন লোকৰ মৃতদেহ ৷ অচিনাক্ত মৃতদেহকেইটা উদ্ধাৰকলৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া । অৱশেষত চিনাক্ত হয় লোককেইজন ।আটাইকেইজন লোক আফগানিস্তানৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ মৃত লোককেইজন ৰোজী খান, ৰেহমত উল্লা, ছামি উল্লা, আঘা ৱালি, চৰ্দাৰ ৱালি বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন আফগানিস্তানৰ লস্কৰ গাহৰ বাসিন্দা( Five men found hanging in Chagai district identified as ‘Afghans’) ।
শ্বাহ ফাহাদ বিন চুলতান হাস্পতালৰ এজন বিষয়া মহম্মদ জাৱাদে ডন সংবাদ পত্ৰক জনোৱা মতে, গিৰ্দি জংঘলৰ বাসিন্দা মহম্মদ ইয়াহিয়াৰ সহায়ত মৃতদেহবোৰ চিনাক্ত কৰা হৈছে ৷ ইয়াহিয়াই চাগাই জিলাৰ আফগান শৰণাৰ্থী শিবিৰৰ মৃতদেহ ৰখা চিকিৎসালয়খন পৰিদৰ্শন কৰে । ডনে উল্লেখ কৰা মতে মৃতদেহবোৰ কুৱেটলৈ স্থানান্তৰ কৰা হৈছে(Victims of gruesome Chagai executions ‘identified as Afghans’) ।
তদন্তকাৰী আৰক্ষীয়ে এই পাঁচজন ভুক্তভোগী সেই একেটা গোটৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে যিসকলক ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা পোৱা গৈছিল ৷ ইৰাণস্থিত নিষিদ্ধ উগ্ৰপন্থী সংগঠন জৈছ আল আদলৰ এজন বিশিষ্ট নেতা মুৰাদ নোটজাইৰ হত্যাকাণ্ড সন্দৰ্ভত স্বীকাৰোক্তিমূলক বক্তব্য দিছিল ।
সূত্ৰৰ মতে, ইৰাণৰ চিস্তান-বেলুচেস্তান অঞ্চলত সক্ৰিয় উগ্ৰপন্থী সংগঠনটোৱে হয়তো এই লোকসকলক অপহৰণ কৰি ফাঁচী দিছে ৷ তেওঁলোকৰ নেতাজনক হত্যা কৰাৰ প্ৰতিশোধ হিচাপে ।
কৰ্তৃপক্ষই এতিয়াও ডালবন্দিনত উদ্ধাৰ হোৱা পাঁচটা মৃতদেহ শেহতীয়াকৈ প্ৰকাশিত ভিডিঅ’ত দেখা পোৱা লোকসকলৰ নে পৃথক পৃথক কাণ্ডত নিহত হোৱা অসংলগ্ন ব্যক্তিৰ সেয়া নিৰ্ণয় কৰিবলৈ কাম কৰি আছে ।
আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, ‘‘মৃতকসকল ভিডিঅ’টোত স্বীকাৰোক্তিমূলক বক্তব্য দিয়া ব্যক্তিসকল নে অন্য কোনো ব্যক্তি নেকি সেয়া নিৰ্ণয় কৰিবলৈ আমি এই ঘটনাৰ তদন্ত কৰি আছো ।’’