Local, Vocal, Global

আৰক্ষীৰ এনকাউণ্টাৰত নিহত গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী

নিউজ ডেস্ক, ১৬ মাৰ্চ : মহানগৰীৰ গাড়ীগাঁৱত প্ৰায় এমাহ পূৰ্বে সংঘটিত হৈছিল বলাৎকাৰৰ দৰে জঘন্য ঘটনা। বিকি আলীৰ লগতে ৪ জন অভিযুক্ত মিলিত হৈ এগৰাকী কিশোৰীক কৰিছিল দলবদ্ধ ধৰ্ষণ। মংগলবাৰে এই ধৰ্ষণকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড বিকি আলীক কামৰূপৰ দামপুৰ পাহাৰৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তদন্তৰ বাবে পানবজাৰ আৰক্ষী থানা লৈ যোৱা হৈছিল বিকি আলীক।আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষী বিষয়া এগৰাকীক আক্ৰমণ চলাই বিকিয়ে। এই আক্ৰমণত আহত পানবজাৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুইংকল গোস্বামী আৰু তাৰ পাছতে আৰক্ষীয়ে গুলীচালনা কৰাত নিহত হয় বিকি। এতিয়াও পলাতক অৱস্থাত আছে আন চাৰি অভিযুক্ত। বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰখা হৈছে বিকিৰ মৃতদেহ।