Local, Vocal, Global

Vice President Of Assam Pradesh Congress Committee Raju Sahu Resigns Ahead Of Lok Sabha Elections : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি পদ ত্যাগ ৰাজু চাহুৰ

নিউজ ডেস্ক, ২৮মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি পদ ত্যাগ কৰিলে ৰাজু চাহুৱে।

দুদিন পূৰ্বে জ্যেষ্ঠ নেতা তথা নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে কংগ্ৰেছ ত্যাগ কৰাৰ পিচত এইবাৰ কংগ্ৰেছৰ উপ-সভাপতিৰ পদ এৰিলে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে । বুধবাৰে পুনৰ তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি ৰাজু চাহুৱে উপ-সভাপতি পদ ত্যাগ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰালৈ এক পত্ৰৰ জৰিয়তে সভাপতিগৰাকীৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি উপ-সভাপতি পদ ত্যাগ কৰা বুলি চাহুৱে উল্লেখ কৰে পত্ৰখনত(Vice-President of APCC Resigns Over Lack of Recognition and Communication) ৷

উল্লেখযোগ্য যে, মঙলবাৰৰে পৰা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই মোবাইল ফোন অফ কৰি ৰখাৰ বিপৰীতে প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু চাহুৱে বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মনোনয়নপত্ৰ দাখিল কৰাৰ সময়ত সংগ দিছিল ৷ কিন্তু নিশাটোৰ ভিতৰতেই সকলোকে আচৰিত কৰি হঠাৎ পুৱাই উপ-সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে(Vice President Of Assam Pradesh Congress Committee Raju Sahu Resigns Ahead Of Lok Sabha Elections) ৷

লগতে পঢ়ক : Drugs Peddler Arrested : গোৱালপাৰাত ড্রাগছসহ আটক এজন সৰবৰাহকাৰী