Local, Vocal, Global

VC of bodoland university : অপসাৰিত হ’ব পাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য !

কোকৰাঝাৰ, ২৬জুলাই : যিকোনো মুহূৰ্ততে অপসাৰিত হ’ব পাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সাক্ষাৎ কৰিছে ৰাজ্যপালক।ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ শিক্ষামন্ত্ৰীৰ আলোচনা। দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰৰ পাছতো বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদত আছে লাইশ্ৰাম লাড্ডু সিং(VC of bodoland university)।এবছুকে ধৰি বিভিন্ন দল, সংগঠনে অপসাৰণৰ দাবী তুলি আহিছে লাড্ডু সিঙৰ।উপাচাৰ্ৰ কক্ষত তলাও উলমাইছিল সংগঠনটোৱে (vice chancellor of bodoland university may be removed)।

ঘটনা অনুসৰি, বিটিএডিৰ সদৰ কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙৰ বিৰুদ্ধে সৰৱ হৈছিল নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু । উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ লগতে বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই লাইশ্ৰাম লাডু সিঙক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদৰ পৰা অতি শীঘ্ৰে অপসাৰণৰ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই ৷

উপাচাৰ্যগৰাকীক অপসাৰণৰ দাবীত এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল । এগৰাকী নতুন উপাচাৰ্যৰ নেতৃত্বতহে বড়োলেণ্ড বিশ্ববিদ্যালয় সুৰক্ষিত হ’ব বুলি দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ কৰ্মকৰ্তাসকলে “লাইশ্ৰাম লাড্ডু সিং গ’বেক , উই ৱান্ট জাষ্টিছ “আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল (kokrajhar ABSU demands removal of bodoland university VC in kokrajhar) ।

উল্লেখ্য যে, ইতিপূৰ্বে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিত্তীয় অনিয়মৰ লগতে বিভিন্ন ধৰণৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোগত ২০২২ ৰ ৩০ মে’ত এটা গোচৰ পঞ্জীয়ন কৰিছিল ৷ উক্ত গোচৰৰ ভিত্তিত উপাচাৰ্য সিঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ০১/২০২২ ইউ/এছ১২০বি/৪২০/৪০৯ আইপিচি আৰ/ডব্লিউ ছেকছন ১৩(এ)/১৩(২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ পাচতে উপাচাৰ্যগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি আছে । ইপিনে ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত থকা বুলি অভিযোগ কৰি এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ শিক্ষা সম্পাদক বিনয় বসুমতাৰীয়ে আতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাডু সিঙক অপসাৰণ কৰি নতুন এগৰাকী উপচাৰ্য নিয়োগ কৰাৰ দাবী জনাইছিল । উপাচাৰ্য ড৹ লাইশ্ৰাম লাডু সিঙক অপসাৰণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : Golaghat Triple Murder : ফাষ্ট ট্ৰেক আদালতত হ’ব ত্ৰিপল মাৰ্ডাৰৰ ঘটনাৰ বিচাৰ, মুখ্যমন্ত্ৰীৰ মন্তব্য