Local, Vocal, Global

Veteran Musician Ramen Barua missing : ক’ত হেৰাল বিশিষ্ট শিল্পী ৰমেন বৰুৱা?

নিউজ ডেস্ক,২৭জুলাই : আজিও সন্ধান ওলোৱা নাই ৰমেন বৰুৱাৰ। ৬টা দিনে উকলি যোৱাৰ পিছতো সন্ধান উলিওৱা পৰা নাই সংগীত পৰিচালক গৰাকীৰ ।

কিন্তু ক’ত হেৰাল বিশিষ্ট শিল্পী ৰমেন বৰুৱা? সঁচাই মৃত্যু হৈছে নে এতিয়াও জীৱিত আছে ৰমেন বৰুৱা? নিৰুদ্দিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাক লৈ বিভিন্ন কথা আলোচনা হৈছে।

আৰক্ষীয়ে ধাৰাবাহিকভাৱে অনুসন্ধান চলাইছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই সংগীত পৰিচালক গৰাকীৰ । পাঁচদিন পাৰ হৈ আজি ষষ্ঠ দিনত ভৰি দিলেহি। কিন্তু এতিয়ালৈ কোনো ফালৰ পৰা কোনো ভাল খবৰ অহা নাই(Veteran Musician Ramen Barua missing)।

ৰমেন বৰুৱাৰ ভাতৃ দ্বীপেন বৰুৱাই কয়, ‘‘তেওঁ কিবা এটা আঘাত পাইছিল, নহ’লে এনেকুৱা সিদ্ধান্ত ল’ব নোৱাৰে। আমাৰ কোঠাসমূহ বেলেগ বেলেগ। কোনটো ৰূমত কি চলিছিল মই ক’ব নোৱাৰিম। কিবা এটা হৈছিল যে সেইটো স্পষ্ট। মানসিকভাৱে চাপ নাপালে এনেকুৱা সিদ্ধান্ত ল’ব নোৱাৰে।’’

ৰমেন বৰুৱাৰ জীয়ৰীয়ে ইতিমধ্যে কৈছে যে তেওঁ অত্যন্ত স্বাভিমানী আৰু মনোবল যথেষ্ট বেছি। তেওঁ কেতিয়াও ভুল সিদ্ধান্ত ল’ব নোৱাৰে। হয়তো তেওঁ এনেকুৱা স্থানত আছে, য’ত মানুহে তেওঁক লগ নাপায়, দেখা নাপায়, চিনি পাই লৈ নাহে। তেওঁ কোনো ডাঙৰ সিদ্ধান্ত নলয়। তেওঁ স্বাভিমানীতো হয়েই, মনোবল যথেষ্ট আছে তেওঁৰ। তেওঁ এনেকুৱা নহয় যে ভুল সিদ্ধান্ত ল’ব।

গুৱাহাটী, শুৱালকুছি, মানকাচৰ, ধুবুৰী সকলোতে শিল্পীগৰাকীক বিচাৰি ব্ৰহ্মপুত্ৰত চলিছে অভিযান।

লগতে পঢ়ক : Tragic Road Accident in Dhakuakhana : তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত পথচাৰী