Veteran Journalist Haidar Hussain : বিপদমুক্ত বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইন

নিউজ ডেস্ক,২৩জুলাই : বিপদমুক্ত বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ হাইদৰ হুছেইন। ১৭ জুলাইত নিজ বাসগৃহৰ স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল বিশিষ্ট চিন্তাবিদ গৰাকী। লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল হুছেইনক(Veteran Journalist Haidar Hussain Undergoing treatment)।
বিগত ৫ দিনে আই চি ইউত ৰখা পাছত সোমবাৰে তেওঁক জিএমচি ৰ কেবিনলৈ অনা হয়। বৰ্তমান বিপদমুক্ত ৮৩ বছৰীয়া হাইদৰ হুছেইন। বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ হাইদৰ হুছেইনৰ স্বাস্থ্যৰ বুজ লয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। লগতে চিকিৎসক তথা হুছেইনৰ পৰিয়ালৰ সৈতেও কথা-বতৰা পাতে(Veteran Journalist Haidar Hussain)।
লগতে পঢ়ক : Sensational Incident : ছাগলী চোৰৰ সন্দেহত দাৰে ঘপিয়াই হত্যা এজন যুৱকক