Local, Vocal, Global

Veteran BJP Leader Shows Gradual Improvement:ক্ৰমাৎ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ

নিউজ ডেস্ক,১৮ডিচেম্বৰ : ক্ৰমাৎ স্বাস্থ্যৰ অৱস্থা উন্নত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ।

মঙলবাৰে এক বিজ্ঞপ্তিত চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰে যে,ৰাষ্ট্ৰীয় ৰাজধানীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ত ভৰ্তি হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰবীণ নেতা এল কে আদৱানীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ উন্নত হৈছে । এদিন বা দুদিনৰ ভিতৰত তেওঁক ইনটেঞ্চিভ কেয়াৰ ইউনিট (আই চি ইউ)ৰ পৰা স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে(Veteran BJP leader likely to be shifted from ICU)।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, “ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীজীয়ে ১২ ডিচেম্বৰৰ পৰা ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ৰ আই চি ইউত ডাঃ বিনীত চুৰীৰ তত্বাৱধানত আছে । তেওঁৰ স্বাস্থ্যৰ অৱস্থাই ক্ৰমান্বয়ে উন্নতি হৈছে । তেওঁৰ স্বাস্থ্যৰ অগ্ৰগতিৰ ওপৰত আধাৰ কৰি তেওঁক অহা এদিন বা দুদিনৰ ভিতৰত আই চি ইউৰ পৰা স্থানান্তৰ কৰাৰ সম্ভাৱনা আছে ।”

উল্লেখ্য যে, বিগত শনিবাৰে প্ৰবীণ বিজেপি নেতাগৰাকীক চিকিৎসাৰ বাবে দেশৰ ৰাজধানীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে ৯৭ বছৰীয়া নেতাজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু পৰ্যবেক্ষণত আছে(Veteran BJP Leader Shows Gradual Improvement)।

লগতে পঢ়ক :Elephant menace in Hojai:হোজাই জিলাৰ অন্তৰ্গত লংকাৰ ৭নং পূৱ উদালীত উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে