Veteran Bharatanatyam dancer Yamini Krishnamurthy dies at 84 : প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান

নিউজ ডেস্ক,৪আগষ্ট : প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান। ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু সংগীত নাটক একাডেমী ফেলো, পদ্মবিভূষণ বঁটা প্ৰাপক, এগৰাকী আগশাৰীৰ ভাৰতনাট্যম প্ৰবক্তা য়ামিনী কৃষ্ণমূৰ্তিৰ। ৭ মাহে দিল্লীৰ এপল’ হাস্পতালৰ আই চি ইউত ভৰ্তি আছিল নৃত্য শিল্পীগৰাকী(Veteran Bharatanatyam dancer Yamini Krishnamurthy dies at 84)।
কৃষ্ণমূৰ্তিৰ মেনেজাৰ আৰু ছেক্ৰেটেৰীগৰাকীয়ে তেওঁৰ মৃত্যুৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, নৃত্য শিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ৭ মাহ ধৰি আই চি ইউত ভৰ্তি হৈ আছিল(Padma Vibhushan Bharatnatyam dancer Yamini Krishnamurthy dies at 84)।
নৃত্য শিল্পীগৰাকীৰ মৃত্যুত সংগীত নাটক একাডেমীয়ে শোক প্ৰকাশ কৰি তেওঁলোকৰ সামাজিক মাধ্যমত লিখিছে- সংগীত নাটক একাডেমী আৰু ইয়াৰ সহযোগী সংস্থাসমূহে আজি মৃত্যুবৰণ কৰা সংগীত নাটক একাডেমী ফেলো, এগৰাকী আগশাৰীৰ ভাৰতনাট্যম প্ৰবক্তা য়ামিনী কৃষ্ণমূৰ্তি আৰু পদ্মবিভূষণ বঁটা প্ৰাপকগৰাকীৰ দুখজনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শোকসন্তপ্ত লোকসকলৰ প্ৰতি আন্তৰিক সমবেদনা আৰু তেওঁলোকক এই অপূৰণীয় ক্ষতি বহন কৰিবলৈ পৰ্যাপ্ত শক্তি প্ৰদান কৰবলৈ সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা কৰিছে(Bharatnatyam veteran Yamini Krishnamurthy dies at 83)।