Veteran Actor Kulada Kumar Bhattacharya Hospitalised: বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ
নিউজ ডেস্ক,৩১অক্টোবৰ : বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ।বিগত ৫ দিন ধৰি মহানগৰীৰ দিছপুৰ হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে বিশিষ্ট অভিনেতাগৰাকী।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি নিম’নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি আছে শিল্পীগৰাকী(Veteran Actor Kulada Kumar Bhattacharya Hospitalised)।
উল্লেখযোগ্য যে, অসমীয়া চলচ্চিত্ৰ জগতৰ এক পুৰোধা নাম কুলদা কুমাৰ ভট্টাচাৰ্য। ১৯৩৩ চনত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী। বহু কেইখন জনপ্ৰিয় অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ’ নাটত অভিনয় কৰিছিল তেওঁ। তাৰ ভিতৰত বিশেষ ভাৱে চৰ্চিত ‘পৰশুৰাম’।লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত ভট্টাচাৰ্য অন্যতম। ১৯৬০ চনৰ মাজভাগত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰিছিল তেওঁ(Veteran Actor Kulada Kumar Bhattacharya Hospitalised In Guwahati)।
১৯৬১ চনত ‘শকুন্তলা’ ছবিখনৰ জৰিয়তে ছবিজগতত খোজ পেলোৱা অভিনেতাগৰাকীয়ে ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ‘প্ৰভাতী পখীৰ গান’, ‘ৰামধেনু’, ‘ভিলেজ ৰকষ্টাৰ’ আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে । দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে তেওঁ । তাৰে ভিতৰত তেখেতৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক ‘তেজাল ঘোঁৰা’ উল্লেখযোগ্য ।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল ভট্টাচাৰ্য । শেহতীয়াকৈ ‘৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ সমাৰোহত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যই । ‘হাতীবন্ধু’ ছবিখনৰ ধাৰাভাষ্যৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল তেওঁলৈ ।
এগৰাকী সফল আবৃত্তিকাৰ হিচাপেও পৰিচিত ভট্টাচাৰ্য ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান চমুকৈ জ্যোতি চিত্ৰবনৰ প্ৰতিষ্ঠাক সঞ্চালক।
লগতে পঢ়ক :Unfortunate death of a baby elephant in Jamugurihat : ৰাজ্যত পুনৰ বন্যহস্তীৰ পোৱালীৰ কৰুণ মৃত্যু