Israel-Palestine War : যুদ্ধবিধ্বস্ত পেলেষ্টাইন আৰু ইজৰাইলত আবদ্ধ হৈ থকা ২৭ জন ভাৰতীয়ই নিৰাপদে ইজিপ্তত প্ৰৱেশ
ইণ্টাৰনেশ্যনেল ডেস্ক, ৯অক্টোৰব : যুদ্ধবিধ্বস্ত পেলেষ্টাইন আৰু ইজৰাইলত আবদ্ধ হৈ থকা ২৭ জন ভাৰতীয়ই নিৰাপদে ইজিপ্তত প্ৰৱেশ কৰে ৷ এই কথা সদৰি কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ।
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে যুদ্ধবিধ্বস্ত পেলেষ্টাইন আৰু ইজৰাইলত আবদ্ধ হৈ থকা ২৭ জন ভাৰতীয়ই নিৰাপদে ইজিপ্তত প্ৰৱেশ কৰিছে(Israel-Palestine War) ৷
এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এক্স (টুইটাৰ) ত লিখে যে, “শেহতীয়া তথ্য অনুসৰি আৰু এম ই এ আৰু আমাৰ ভাৰতীয় অভিযানৰ প্ৰচেষ্টাত ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধ সংঘৰ্ষ অঞ্চলত আবদ্ধ হৈ থকা মেঘালয়ৰ আমাৰ ২৭ জন নাগৰিকে নিৰাপদে সীমান্ত পাৰ হৈ ইজিপ্তত প্ৰৱেশ কৰিছে ৷”ইয়াৰ পূৰ্বে ছাংমাই এটা এক পোষ্টত তেওঁ কৈছিল যে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা উত্তেজনাৰ বাবে জেৰুজালেমৰ পবিত্ৰ তীৰ্থযাত্ৰাৰ বাবে যাত্ৰা কৰা মেঘালয়ৰ ২৭ জন নাগৰিক বেথলেহমত আবদ্ধ হৈ আছে ৷
উল্লেখ্য যে, অঞ্চলটোত সৃষ্টি হোৱা ঘটনাৰ মাজত এতিয়ালৈকে ইজৰাইলত বাস কৰা আৰু কাম কৰা ভাৰতীয়সকলৰ সৈতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই, আনকি ভাৰতীয় দূতাবাসে দেশখনত আৱদ্ধ হৈ থকা পৰ্যটকসহ ইয়াৰ নাগৰিকসকলৰ পৰা তেওঁলোকৰ সুৰক্ষিত প্ৰস্থানৰ সুবিধাৰ বাবে অনুৰোধ লাভ কৰিছে ৷ ভাৰতৰ দূতাবাসে দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় পৰ্যটকৰ পৰা ওলাই অহাৰ সুবিধাৰ বাবে অনুৰোধ লাভ কৰিছে ৷ অধিকাংশ পৰ্যটকে, দল-সংগঠনে যাত্ৰা কৰি আছে ৷ ইজৰাইল ভ্ৰমণ কৰা কিছুমান ব্যৱসায়ীয়েও এই পৰিস্থিতিত আবদ্ধ হৈ পৰিছে আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ চেষ্টা চলোৱা হৈছে ৷
ইজৰাইলত সংঘটিত হোৱা এই ঘটনাৰ বাবে সৈনিককে ধৰি কমেও ৬০০ ইজৰাইলী নিহত হোৱাৰ লগতে ১৯০০ৰো অধিক আহত হৈছে(Over 600 Killed As Israel-Palestine War Escalates Residents Flee Homes)) । এই ঘটনা দেশখনৰ বাবে কমেও ৫০ বছৰৰ ভিতৰত আটাইতকৈ ভয়ংকৰ দিন ৷
দেওবাৰৰ সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি গাজা ষ্ট্ৰিপত ইজৰাইলৰ প্ৰত্যাক্ৰমণত প্ৰায় ৩৭০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫০০ লোক আহত হৈছে ৷ ইজৰাইলত প্ৰায় ১৮ হাজাৰ ভাৰতীয় নাগৰিক বাস কৰি কাম কৰি আছে আৰু এতিয়ালৈকে তেওঁলোকৰ সৈতে জড়িত কোনো অপ্ৰীতিকৰ কাণ্ড সংঘটিত হোৱা বুলি খবৰ লাভ কৰা নাই ।
লগতে পঢ়ক :Israel-Palestine War : ইজৰাইল-পেলেষ্টাইন যুদ্ধই লৈছে ভংকৰ ৰূপ