Local, Vocal, Global

Vehicular Restrictions Imposed in Guwahati Ahead of Amit Shah’s Visit : কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণক লৈ যান-বাহন আৰক্ষীয়ে মহানগৰত জাৰি কৰিছে বিশেষ পথ-নিৰ্দেশনা

নিউজ ডেস্ক,২৯এপ্ৰিল : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।

আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব গৃহ মন্ত্ৰী শ্বাহে। অংশগ্ৰহণ কৰিব এক ৰোড শ্বত। গৃহ মন্ত্ৰী অমিত শ্বাহে চাইকেল ফেক্টৰীৰ পৰা লালা গণেশলৈ প্ৰায় লক্ষাধিক সমৰ্থকক লগত লৈ এক সমদলত অংশ ল’ব(Union Home Minister Amit Shah to Visit Assam Today)।

গৃহমন্ত্ৰী গৰাকীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিত মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ-নিৰ্দেশনা(Vehicular Restrictions Imposed in Guwahati Ahead of Amit Shah’s Visit)।

দুপৰীয়া ১২-০০ বজাৰ পৰা নিশা ৯-০০ বজালৈ বাহাল থাকিব এই নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি, কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

VIP উৰণ সেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ নিষেধাজ্ঞা।

DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডত নিষেধাজ্ঞা।

BK কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

এই পথসমূহত লেহেমীয়া বাহন চলাচলতো নিষেধাজ্ঞা।

জৰুৰীকালীন সেৱাৰ ক্ষেত্রত নাথাকে নিষেধাজ্ঞা।