Vehicles with beef seized : গো-মাংসসহ বাহন জব্দ
১ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্কঃ ধুবুৰীৰ গৌৰীপুৰত গো-মাংসসহ বাহন জব্দ। চৰকাৰে গো-মাংস নিষিদ্ধ ঘোষণা কৰাৰ পিছতো চলি আছে গো-মাংসৰ চোৰাং সৰবৰাহ।আজি শাক-পাচনি কঢ়িয়াই অনা বলেৰ’ বাহনত উদ্ধাৰ হয় গো-মাংস।গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ন-ন কৌশল অবলম্বন কৰি গো-মাংস গাড়ীৰে সৰবৰাহ হৈ আছে।বস্তাৰ তলত নিষিদ্ধ গো মাংস লুকুৱাই অনা অৱস্থাত ধৰা পেলায় গৌৰীপুৰ আৰক্ষীয়ে।
আৰক্ষীৰ উমান পাই বাহন এৰি পলায়ন কৰে চালকজনে।আৰক্ষীয়ে AS 17 C 6008 নম্বৰৰ বলেৰো বাহনখনৰ পৰা ৫০০ কেজি নিষিদ্ধ গো-মাংস জব্দ কৰে।গো-মাংস খিনি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অনা বুলি সন্দেহ প্রকাশ কৰে সচেতন ৰাইজে।ইতিমধ্যে আৰক্ষীয়ে বাহনখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে