Local, Vocal, Global

Vehicles carrying Ballot Boxes met accident: বেলট বাকচ কঢ়িয়াই অনা বলেৰ’ বাহন দুৰ্ঘটনাগ্ৰস্ত;আহত আৰক্ষী কনিষ্টবলসহ দণ্ডাধীশ

নিউজ ডেস্ক,৮মে ‘ : বেলট বাকচ কঢ়িয়াই অনা বলেৰ’ বাহন দুৰ্ঘটনাগ্ৰস্ত(Vehicles carrying Ballot Boxes met accident) ।দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই অঘটনটো ৷

জানিব পৰা মতে, চৰাইদেউৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাহনখন ৷ দণ্ডাধীশসহ আৰক্ষী আছিল বাহনখনৰ ভিতৰত ৷ চৰাইদেউৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বলেৰ’ বাহনখনত সমীপৰ পথৰ পৰা ওলায় অহা ডাম্পাৰে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাৰ ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ AS06-AD-9787(Vehicles carrying Ballot Boxes met accident in Dergaon) ৷

ডাম্পাৰে খুন্দাত বলেৰ’ বাহনখন বাগৰি পৰে ফলত আহত হয় বলেৰ’ খনৰ ভিতৰত থকা তিনিজনকৈ আৰক্ষী কনিষ্টবলৰ লগতে দণ্ডাধীশগৰাকী । ঘটনাস্থলীত দেৰগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : People of Sootea experiencing erosion from Brahmaputra river : চতিয়াৰ দক্ষিণ অঞ্চলত ভয়ংকৰ গৰাখহনীয়া