Veer Lachit Sena Members Released by Jalukbari Police Today : গ্ৰেপ্তাৰৰ পাছতে মুকলি বীৰ লাচিত সেনাৰ ৬ সদস্যক

নিউজ ডেস্ক, ২৭ জানুৱাৰী : বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰৰ পাছতে মুকলি! শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে মুকলি কৰিলে ৬ সদস্যক(Veer Lachit Sena Members Released by Jalukbari Police Today ।
২৬ জানুৱাৰী অৰ্থাত শুকুৰবাৰে নিশা কামাখ্যা মন্দিৰৰ পাৰ্কিঙত এজন লোকক আক্ৰমণ কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে বীৰ লাচিত সেনাৰ ৬ জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাৰ লগতে আন ৫ গৰাকী সতীৰ্থ ক্ৰমে তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা আৰু মনোজ ডেকাক গ্ৰেপ্তাৰ কৰিছিল।
জানিব পৰা মতে, শুকুৰবাৰে দেৱালয়ৰ পাৰ্কিং কৰ্মচাৰী আৰু বীৰ লাচিত সেনাৰ সদস্যৰ মাজত সৃষ্টি হৈছিল হতাহতি। পৰ্কিঙক লৈ সৃষ্টি হৈছিল সংঘাতৰ। এই ঘটনাৰ পিছতেই কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে বীৰ লাচিত সেনাৰ নেতা কেইজনৰ ওপৰত দাখিল কৰিছিল এজাহাৰ আৰু মন্দিৰৰ পৰিচালনা সমিতিৰ এজাহৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে আটক কৰিছিল ৬ জন সদস্যক।
উল্লেখ্য যে, কামাখ্যা মন্দিৰৰ সন্মুখত মতিউৰ ৰহমান নামৰ এজন খিলঞ্জীয়া মুছলমান যুৱকে গাড়ী ৰাখিছিল। সেই সময়তে পাৰ্কিঙৰ দায়িত্বত থকা কেইজনমান কৰ্মচাৰীয়ে মতিউৰক প্ৰহাৰ কৰিছিল। সেই কথা বীৰ লাচিত সেনাক অৱগত কৰাৰ পিছতে কামাখ্যা মন্দিৰত বীৰ লাচিত সেনাৰ এটা দল উপস্থিত হৈছিল। লগে লগে সমগ্ৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল(Veer Lachit Sena members nabbed for engaging in clashes with Kamakhya Temple authorities)।
ইফালে বাৰম্বাৰ বীৰ লাচিত সেনাই বিতৰ্কত সোমায় বুলি সাংবাদিকে কৰা প্ৰশ্নত বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাই কয় যে, ‘‘অসমীয়া জাতিৰ বাবে বীৰ লাচিত সেনাই বিতৰ্কত সোমায়।’’ লগতে কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱাই কয় যে, অসমীয়াৰ ওপৰত কোনো বহিৰাগত ব্যক্তিয়ে তথা দুষ্কৃতিকাৰীয়ে অত্যাচাৰ চলালে বীৰ লাচিত সেনাই হাত সাৱটি বহি নাথাকে । তেওঁ কয়, ‘‘অসমীয়াৰ কাৰণে সদায় আছিলো, আছো আৰু থাকিম।’’
লগতে পঢ়ক : Pneumonia outbreak kills over 200 children : পাকিস্তানত নিউমোনিয়াৰ সংহাৰ;মৃত্যু ২০০ৰো অধিক শিশু