Local, Vocal, Global

Uttarkashi Tunnel Collapse Day 17 : ১৭ দিনৰ দিনাও অব্যাহত উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰ অভিযান

নেশ্যনেল ডেস্ক, ২৮ নৱেম্বৰ : ১৭ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই । বৰ্তমানেও আৱদ্ধ হৈ আছে ৪১ গৰাকীকৈ শ্ৰমিক । উদ্ধাৰকাৰী দলৰ ধাৰাবাহিক প্ৰচেষ্টাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক (Uttarkashi tunnel collapse)। সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আমেৰিকাৰ গধুৰ অগাৰ মেচিনটোৰে খনন কাৰ্য অব্যাহত আছিল যদিও বাৰাম্বাৰ বাধাৰ সন্মুখীন হৈছিল মেচিনটো(Uttarkashi Tunnel Collapse Day 17) ।

সকলোৱে অপেক্ষাত ছিল্কয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল ওলাই অহালৈ । কেতিয়াই অন্ত পৰিব এই অপেক্ষাৰ । শ্ৰমিকসকল ওলাই অহাৰ অপেক্ষা শেষ হ’বলৈ ওলাওতেই বাধাই অপেক্ষা আৰু অধিক বৃদ্ধি কৰিলে । সুৰংগত চলি থকা উদ্ধাৰ বাবে সকলো ঠাইতে বিভিন্নজনে কৰি আছে প্ৰাৰ্থনা(Uttarkashi Tunnel Collapse Day 17) ।

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিল্কয়াৰাৰ নিৰ্মীয়মাণ সুৰংগত বন্দী হৈ থকা শ্ৰমিকসকলক শীঘ্ৰে ওলাই আহিব বুলি আশাবাদী উদ্ধাৰকাৰী দল । শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস চলায় আছে ।

কিন্তু বাৰে বাৰে উদ্ধাৰকাৰী দলে সন্মুখীন হৈ অহা বাধাৰ বাবে সেয়া সফল হৈ উঠা নাই । উদ্ধাৰকাৰী দলটোৱে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ওচৰলৈ যাবলৈ অহৰহ উদ্ধাৰ অভিযানত ব্যস্ত হৈ আছে ।
সুৰংগটোৰ পৰা শ্ৰমিকসকলক উলিয়াই অনাৰ বাবে উদ্ধাৰ কাম পূৰ্ণগতিত চলি আছে আৰু ৰাজ্যৰ লগতে কেন্দ্ৰৰ সকলো সংস্থাই উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক ওলাই আনিব বাবে শ্ৰমিকসকলে সুৰংগটো থিয়কৈৰ লগতে পথালিকৈও খান্দি থকা হৈছে । ভাৰতীয় সেনাইও উদ্ধাৰ কামত সহায় কৰিছে(Uttarkashi Tunnel Collapse Day 17 Brings Hope As Drilling Continues) ।

আনহাতে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে অক্সিজেন, খাদ্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱা হৈছে । চিকিৎসকৰ দলটোৱে শ্ৰমিকসকলক পৰামৰ্শ দি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিছে ।

সোমবাৰে উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত ৩৬ মিটাৰ উলম্বভাৱে খন্দা হয় আৰু ৫০ মিটাৰ বৰ্তমানেও খান্দিবলগীয়া আছে । সুৰংগটোত মুঠ ৮৮ মিটাৰ উলম্ব ড্ৰিলিং কৰিব লাগিব । উলম্ব ড্ৰিলিঙৰ লগতে সুৰংগটোৰ ওপৰত ৮ ইঞ্চিৰ সুকীয়া ড্ৰিলিংও কৰা হৈছে । এইটো এটা পৰীক্ষামূলকভাৱে কৰা হৈছে, য’ত ৭৫ মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰা হৈছে( Rat-hole mining experts begin manual drilling ) ।

ইফালে সোমবাৰে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব প্ৰমোদ কুমাৰ মিশ্ৰ, কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভল্লা আৰু উত্তৰাখণ্ডৰ মুখ্য সচিব এছ.এছ. এ এখন বৈঠক অনুষ্ঠিত কৰি উদ্ধাৰ অভিযানৰ সৈতে জড়িত বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ।ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে যদিও মেচিনবোৰত দেখা দিয়া কাৰিকৰী বিজুতিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিছে ৷ আমেৰিকান অগাৰ মেচিনকো এই কামত ব্যৱহাৰ কৰি থকা হৈছে ৷ নিগনিখনন কৌশলো (rat mining) এই অভিযানত ব্যৱহাৰ কৰা হৈছে ।

লগতে পঢ়ক : Uttarkashi tunnel collapse : ১৬ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই; বৰ্তমানেও আৱদ্ধ ৪১ গৰাকীকৈ শ্ৰমিক