Uttarkashi tunnel collapse : ১৬ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই; বৰ্তমানেও আৱদ্ধ ৪১ গৰাকীকৈ শ্ৰমিক
নেশ্যনেল ডেস্ক ,২৭ নৱেম্বৰ : ১৬ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই । বৰ্তমানেও আৱদ্ধ হৈ আছে ৪১ গৰাকীকৈ শ্ৰমিক । উদ্ধাৰকাৰী দলৰ ধাৰাবাহিক প্ৰচেষ্টাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক (Uttarkashi tunnel collapse)। সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আমেৰিকাৰ গধুৰ অগাৰ মেচিনটোৰে খনন কাৰ্য অব্যাহত আছিল যদিও বাৰাম্বাৰ বাধাৰ সন্মুখীন হৈছিল মেচিনটো ।
সকলোৱে অপেক্ষাত ছিল্কয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল ওলাই অহালৈ । কেতিয়াই অন্ত পৰিব এই অপেক্ষাৰ । শ্ৰমিকসকল ওলাই অহাৰ অপেক্ষা শেষ হ’বলৈ ওলাওতেই বাধাই অপেক্ষা আৰু অধিক বৃদ্ধি কৰিলে । সুৰংগত চলি থকা উদ্ধাৰ বাবে সকলো ঠাইতে বিভিন্নজনে কৰি আছে প্ৰাৰ্থনা ।
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি , বৰ্তমান আৰু এদিনৰ পৰা ডেৰ দিনলৈ বন্ধ হৈ থাকিব উত্তৰকাশীৰ সুৰংগটোৰ উদ্ধাৰ অভিযান । যিবোৰ মেচিনেৰে উদ্ধাৰ অভিযান চলাই আছে ,সেইবোৰ মেচিন পাহাৰৰ ওপৰলৈ লৈ যোৱা হ’ব আৰু তাত স্থাপন কৰা হ’ব । সেইবাবে বন্ধ হৈ থাকিব উদ্ধাৰ অভিযান(Uttarkashi tunnel collapse) ।
এই সন্দৰ্ভত এনডিএমএৰ বিষয়া লেফটেণ্ট জেনেৰেল চৈয়দ আতা হাছাইনে কয় যে এইবাৰ পাহাৰৰ ওপৰৰ পৰা উলম্ব গাঁত খান্দিবলৈ চেষ্টা কৰা হ’ব । তেওঁ লগতে কয় যে, পৰৱৰ্তী উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ ২৪ৰ পৰা ৩৬ ঘণ্টা সময় লাগিব ।
কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে উদ্ধাৰকাৰী দলে সম্পূৰ্ণ শক্তিৰে সুৰংগটোত অভিযান অব্যাহত ৰাখিছে ।দুৰ্ঘটনাটোৱে ১৫ দিন অতিক্ৰম কৰাৰ পাছতো উদ্ধাৰকাৰী দল শ্ৰমিকসকলৰ কাষলৈ যাবলৈ সক্ষম নোহোৱাত উদ্বিগ্ন হৈ পৰিছে সকলো । যাৰ বাবে শ্ৰমিকসকলো হতাশ হোৱা দেখা গৈছে । ইফালে উদ্ধাৰ অভিযানৰ অংশ হিচাপে উলম্ব ড্ৰিলিঙৰ কামো আৰম্ভ হৈছে ।
একে সময়তে, সুৰংগটোৰ ভিতৰত খহি পৰা মাটিবোৰ আঁতৰোৱাৰ প্ৰক্ৰিয়াও চলি আছে । প্লাজমা কাটাৰৰ দ্বাৰা কাম কৰা হৈছে আৰু ইয়াৰ পাছত সুৰংগটোত মেনুৱেল কামো কৰা হ’ব ।
দেওবাৰে প্লাজমা কাটাৰ যন্ত্ৰটো হায়দৰাবাদৰ পৰা উত্তৰকাশীলৈ অনা হৈছিল । একে সময়তে চণ্ডিগড়ৰ পৰা লেজাৰ কাটাৰ যন্ত্ৰও অৰ্ডাৰ দিয়া হৈছে । সুৰংগটোৰ ধ্বংসাৱশেষত আৱদ্ধ বাৰ্মা যন্ত্ৰৰ অংশবোৰ আঁতৰাবলৈ নিৰন্তৰ প্ৰচেষ্টা চলি আছে । ইয়াৰ মাজতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে তনকপুৰৰ এগৰাকী শ্ৰমিকৰ পৰিয়ালক সাক্ষাৎ কৰে । তেওঁ শীঘ্ৰেই শ্ৰমিকসকলক উদ্ধাৰ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছে ।
উল্লেখ্য যে, ১২ নৱেম্বৰ দীপাৱলীৰ দিনা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । এই ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ৪১জনকৈ শ্ৰমিক । উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনাটো (Uttarkashi Silkyara Tunnel Accident) ৷