Uttarakhand tunnel collapse : উত্তৰকাশীৰ চিল্কিয়াৰাৰ সমীপৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ : ভয়ংকৰ ভূমিস্খলন ফলত উত্তৰকাশীৰ চিল্কিয়াৰাৰ সমীপৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে(Uttarakhand tunnel collapse) ।
প্ৰধানমন্ত্ৰীয়ে এই বাৰ্তালাপত কয় যে সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সকলো উদ্ধাৰ সঁজুলি আৰু প্ৰয়োজনীয় সম্পদ যোগান ধৰা হৈছে । কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ অহৰহ প্ৰচেষ্টাৰ মাজত শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনা হ’ব । কিন্তু সুৰংগত আৱদ্ধ শ্ৰমিকসকলে তেওঁলোকৰ মনোবল বজাই ৰখাৰ প্ৰয়োজন আছে ।
ইফালে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহে অহৰহ সমন্বয় আৰু তৎপৰতাৰে সাহায্যৰ কামত নিয়োজিত হৈ আছে । সুৰংগটোত আবদ্ধ হৈ থকা সকলো শ্ৰমিক নিৰাপদে আছে আৰু অক্সিজেন, পুষ্টিকৰ খাদ্যৰ লগতে পানী যোগান ধৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনাতো সুনিশ্চিত কৰাৰ বাবে বিশেষজ্ঞৰ মতামত লৈ সংস্থাসমূহে কাম কৰি আছে(PM Modi speaks to CM Dhami on Uttarakhand tunnel rescue operations) ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ নিজেই সেই স্থান পৰিদৰ্শন কৰি স্থানীয় পৰিদৰ্শন কৰি চলি থকা উদ্ধাৰ কামৰ ওপৰত চকু ৰাখিছে । ঘটনাস্থলীত স্বাস্থ্য বিভাগৰ দলকো মোতায়েন কৰা হৈছে ।
মুখ্যমন্ত্রী ধামীয়ে প্রধানমন্ত্রী মোদীক কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা আটাইকেইজন শ্ৰমিক নিৰাপদ আছে আৰু তেওঁলোকক অতি সোনকালে উলিয়াই আনিবলৈ সকলো প্ৰচেষ্টা চলোৱা হৈছে ।
উত্তৰকাশীৰ এই ঘটনা সন্দৰ্ভত তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ধামীৰ লগত বাৰ্তালাপ কৰি প্ৰকৃত পৰিস্থিতিৰ সম্ভেদ লৈছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এটা দলেও উক্ত স্থান পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে(PM Modi speaks to CM Dhami, takes stock of situation) ।
উল্লেখ্য যে, ১২ নৱেম্বৰ দীপাৱলীৰ দিনা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত সংঘটিত হৈছিল এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো । এই ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ৪১জনকৈ শ্ৰমিক ।উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনাটো (Uttarkashi Silkyara Tunnel Accident) ৷
উল্লেখ্য যে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে(Uttarkashi Tunnel Rescue Operation ) ।
বৰ্তমানেও সুৰংগ পথৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য অভিযানৰ আজি নৱম দিন । কিন্তু এতিয়ালৈকে সাহায্য উদ্ধাৰকাৰী দলটোৱে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক : Man Elephant conflict in Doom Dooma : পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ