Local, Vocal, Global

Watch | Uttarakhand bike rider Nani’s stolen bike was recovered: উদ্ধাৰ হল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰৰ ননী নামৰ ৰাইডাৰৰ চুৰি হোৱা বাইক

গুৱাহাটী: উদ্ধাৰ হল উত্তৰাখণ্ডৰ বাইক ৰাইডাৰৰ ননী নামৰ ৰাইডাৰৰ চুৰি হোৱা বাইক। ফকিৰগঞ্জ‌ আৰক্ষী‌য়ে উদ্ধাৰ কৰিলে বাইকখন। গুৱাহাটী এটা গেষ্ট হাউছৰ পৰা চুৰি হৈছিল বাইক খন। ৰাইডাৰ গৰাকীয়ে ছমাহ ধৰি বাইকেৰে সমগ্ৰ ভাৰত ভ্ৰমন কৰি আছিল। ঘটনা সন্দৰ্ভত মহানগৰীৰ বশিষ্ট থানাত এজাহাৰ দাখিল কৰিছিল। আজি পুৱতি নিশা ফকিৰগঞ্জ আৰক্ষীয়ে ফকিৰগঞ্জ থানা এলেকাৰ প্ৰেম বজাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ফকিৰগঞ্জ আৰক্ষীয়ে।


উল্লেখ্য যে বাইক উদ্ধাৰ কৰাৰ লগতে দুগৰাকী কৈ লোকক আটক কৰে। আটকাধীন লোকদুজন ফকিৰগঞ্জ থানা এলেকাৰ ভাশানিপাৰা ৰ ফিৰোজ কাজি আৰু আশ্ৰাফুল দেৱান বুলি জানিব পৰা গৈছে।