Local, Vocal, Global

Uttarakhand accident : দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন;আহত ১৪গৰাকী

নেশ্যনেল ডেস্ক,২৭ আগষ্ট : উত্তৰাখণ্ডত শোকাৱহ পথ দুৰ্ঘটনা । উত্তৰাখণ্ডৰ চম্পাৱত জিলাত এখন যাত্ৰীবাহী বাহন বিৰগুল ৰোডৰ এটা দ’ খাৱৈত বাগৰি পৰে । ফলত গুৰুতৰভাৱে আহত হয় ১৪ গৰাকীকৈ লোক ।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হয় আৰু ততাতৈয়াকৈ আহত লোকসকলক উদ্ধাৰ কৰি ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আটাইকেইগৰাকী আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত আটাইকেইগৰাকী লোহাঘাট চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে দুৰ্ঘটনাটোত দুগৰাকী লোক গুৰুতৰভাৱে আহত হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়(Uttarakhand accident)।

চম্পাৱত আৰক্ষী নিয়ন্ত্ৰণ কক্ষই পোৱা তথ্য অনুসৰি UK-০৩-TA-০০৪৩ নম্বৰৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ বিৰগুল ৰোডৰ এটা দ’ খাৱৈত বাগৰি পৰে । বাহনখনত প্ৰায় ১৫ ৰ পৰা ২০ গৰাকী লোক আছিল । এই তথ্য লাভ কৰাৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ১৪ গৰাকী আহতক লোহাঘাট উপ-জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাটোৰ কাৰণ। প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনত যাত্ৰীৰ সংখ্যা অধিক আছিল । যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দ’ খাৱৈত বাগৰি পৰে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :Teenager Missing Case in Dibrugarh : সন্ধানহীন দুই আদিবাসী সম্প্ৰদায়ৰ কিশোৰ