উত্তৰাখণ্ডৰ হিমস্খলনত ১০গৰাকী পৰ্বতাৰোহীৰ মৃত্যু

নিউজ ডেস্ক : উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হোৱা হিমস্খলনৰ ফলত ১০গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তৰ ১০গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে৷ মৃতদেহসমূহ ডেৰাডুনলৈ অনা হ’ব৷ হিমস্খলনৰ ফলত ২৮ জন প্ৰশিক্ষাৰ্থী আৱদ্ধ হোৱাৰ খবৰ পোৱা গৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট যোগে কয় যে হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন, এনডিআৰএফ, এছডিআৰএফ, সেনা আৰু আইটিবিপিৰ জোৱানসকল জড়িত হৈ পৰিছে। ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ ৰবাবে দুখন চিতা হেলিকপ্টাৰ প্ৰেৰণ কৰিছে। উত্তৰাখণ্ডৰ ডিজিপি অশোক কুমাৰে কয় যে দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হিমস্খলনত আৱদ্ধ হোৱা ২৮ জন এনআইএম প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৮ জনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে৷ বাকীবোৰৰ সন্ধান আৰু উদ্ধাৰৰ বাবে বায়ু সেনাৰ হেলিকপ্টাৰ মোতায়েন কৰা হৈছে।
আজি পুৱা প্ৰায় ৯ বজাত হিমস্খলন হয়। দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ লগে লগে দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হিমস্খলনত আৱদ্ধ প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ এছডিআৰএফ দলে ডেৰাডুনৰ সহস্ৰধাৰা হেলিপেড এৰিছে। মুখ্যমন্ত্ৰী ধামীয়ে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতি থকা হৈছে৷ উদ্ধাৰ অভিযান ত্বৰান্বিত কৰিবলৈ সেনাৰ পৰা সহায় বিচাৰিছে। তেওঁলোকে আমাক কেন্দ্ৰৰ পৰা সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে। সকলোকে স্থানান্তৰ কৰিবলৈ উদ্ধাৰ অভিযান চলি আছে বুলি কয় মুখ্যমন্ত্ৰী ধামিয়ে৷