Local, Vocal, Global

UP woman kills husband : স্বামীক কুঠাৰেৰে কাটি নৃশংসভাৱে হত্যা পত্নীৰ

নেশ্যনেল ডেস্ক, ২৮ জুলাই : দেশত সংঘটিত হৈছে বুকু কঁপি উঠা এখ নৃশংস ঘটনা(UP woman kills husband) । এইবাৰ পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ । শুই থকা অৱস্থাতে বিচনাত ৰচীৰে বান্ধি লৈ কুঠাৰেৰে স্বামীক কৰিলে হত্যা । তাৰ পাছত মৃতদেহটো ৫ টুকুৰা কৰি কাটিলে পত্নীয়ে (Woman Chops Husband’s Body Into 5 Pieces With Axe)।

হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ পেলাই দিলে ঘৰৰ ওচৰৰ দ’ খাৱৈত (Uttar Pradesh woman kills husband)। এই জঘন্য ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ পিলিভিত নামৰ এখন গাঁৱত(throws parts in canal)।

তথ্য অনুসৰি, মঙলবাৰে পুৱাৰে পৰা নিৰুদ্দেশ হৈ আছিল গজৰৌলা থানা এলেকাৰ শিৱনগৰ গাঁৱৰ নিবাসী ৫৫ বছৰীয়া ৰামপাল। ৰামপালৰ পুত্ৰ সোমপাল গাঁৱৰ আন এখন ঘৰত পত্নী আৰু সন্তানৰ সৈতে থাকে । পূৰ্বতে ৰামপাল আৰু পত্নী দুলাৰো দেৱীৰ মাজত বিবাদ হৈ আছিল । দুলাৰো দেৱীয়ে স্বামী ৰামপালৰ বন্ধুৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে স্বামীৰ বন্ধুৰ সৈতে সহবাস কৰিবলৈ আৰম্ভ কৰিছিল।

উত্তৰ প্ৰদেশত এগৰাকী মহিলাই স্বামীক কুঠাৰেৰে কাটি নৃশংসভাৱে হত্যা কৰে। স্বামীক বিচনাত বান্ধি পাঁচ টুকুৰা কৰি কাটিলে । মৃত ব্যক্তিজন গজৰৌলা অঞ্চলৰ শিৱনগৰৰ ৫৫ বছৰীয়া ৰাম পাল বুলি জানিব পৰা গৈছে। হত্যা কৰি স্বামীক দ খাৱৈত পেলাই দিয়ে ।

ঘৈণীয়েক আৰু সন্তানৰ সৈতে ওচৰতে বাস কৰা পুত্ৰ ছন পালে প্ৰথমে ৰাম পালৰ নিৰুদ্দেশৰ খবৰ জনাইছিল । ৰাম পালৰ পত্নী দুলাৰো দেৱীয়ে স্বামীৰ বন্ধুৰ লগত কিছুদিন থাকিছিল আৰু এমাহ পূৰ্বে গাঁৱলৈ উভতি অহাৰ লগে লগে পুত্ৰক স্বামীৰ নিৰুদ্দেশৰ কথা অৱগত কৰে ।

বুধবাৰে দুলাৰো দেৱীয়ে পুত্ৰক কয় যে, তেওঁৰ পিতৃ ঘৰত নাই । এই সন্দৰ্ভত পুত্ৰই বুধবাৰে নিজেই গজৰৌলা থানাত পিতৃ নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে। লগতে পুত্ৰই আৰক্ষীক অৱগত কৰে যে কিছুদিন পূৰ্বে মাক ঘৰলৈ আহিছিল । পুত্ৰৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে দুলাৰো দেৱীৰ ওপৰত সন্দেহ প্ৰকাশ কৰে।

সন্দেহৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি দুলাৰো দেৱীক জিম্মাত লৈ আৰক্ষীয়ে জেৰা আৰম্ভ কৰে। আৰক্ষীৰ মাৰাথন জেৰাত স্বামীক হত্যা কৰাক লৈ দুলাৰো দেৱীৰ বিস্ফোৰক স্বীকাৰোক্তি দিয়ে । কেনেকৈ স্বামীক হত্যা কৰিছিল বিৱৰি ক’লে আৰক্ষীৰ আগত । দেওবাৰে নিশা শুই থকা অৱস্থাত ৰাম পালক হত্যা কৰি ওচৰৰ খাল এটাত শৰীৰৰ অংশ পেলাই দিয়াৰ কথাও উল্লেখ কৰে ।

তাৰ পাছতে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীয়ে ডুবাৰুৰ সহায়ত দ’ খাৱৈত পেলাই দিয়া মৃতদেহৰ টুকুৰা বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইফালে খালটোত উদ্ধাৰ হৈছে মৃত লোকজনৰ তেজৰ দাগ পৰা কাপোৰ আৰু এখন বিচনা। ইতিমধ্যে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Afghanistan Flood: আফগানিস্তানত ভয়ংকৰ বান; মৃত্যু ৪৭ জনৰ,আহত ৫৭ জন