Local, Vocal, Global

Uttar Pradesh Gang rape : ৩০ বছৰীয়া বিবাহিত মহিলাক দলবদ্ধ ধৰ্ষণ

নেশ্যনেল ডেস্ক,১২মে’ : বিগত কেইবাদিন ধৰি দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি দেশত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে।

এনেবোৰ ঘটনাৰ মাজতে আন এক দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰিছে উত্তৰ প্ৰদেশ। এইবাৰ ৩০ বছৰীয়া এগৰাকী বিবাহিত মহিলা দলবদ্ধ ধৰ্ষণৰ বলি ।

উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা । ৩০ বছৰীয়া বিবাহিত মহিলাক ধৰ্ষণৰ অভিযোগ চুবুৰীয়াৰ বিৰুদ্ধে ।

ভুক্তভোগীৰ স্বামীয়ে আৰক্ষীক দিয়া অভিযোগ অনুসৰি, তেওঁৰ পত্নীয়ে চলিত বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮ মান বজাত গোহালিলৈ গৰুক খাদ্য দিবলৈ গৈছিল । এই সময়ছোৱাত, তেওঁৰ চুবুৰীয়া অশোক কুমাৰ সিং নামৰ এজন লোকে তেওঁৰ দুজন সহযোগীৰ সৈতে মহিলাগৰাকীত আক্ৰমণ কৰে । তিনিওজনে পত্নীক আক্ৰমণ কৰাৰ লগতে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ কৰিছে স্বামীয়ে(Uttar Pradesh Gang rape) ।

ইফালে এই ঘটনাটোৰ বিষয়ে আৰক্ষী বা পৰিয়ালৰ লোকক অৱগত কৰিলে তেওঁৰ পত্নীকে ধৰি গোটেই পৰিয়ালটোক হত্যা কৰাৰো ভাবুকি দিয়ে বুলি অভিযোগ কৰে। কিন্তু এই ঘটনা সংঘটিত হোৱাৰ কিছুদিনৰ পিচত মহিলাগৰাকীয়ে পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰে । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল যদিও এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে বুলি অভিযোগ উত্থাপন কৰে ।

পৰিয়ালৰ অভিযোগ অনুসৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰটো ৰুজু কৰিবলৈ অস্বীকাৰ কৰিছিল । যাৰ বাবে পৰিয়ালটো আদালতৰ কাষ চাপিছিল । আদালতৰ নিৰ্দেশত, আৰক্ষীয়ে ৩ অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ এক গোচৰ ৰুজু কৰে ।

ইফালে ঘটনা সন্দৰ্ভত কোতৱালীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাজেন্দ্ৰ সিঙে হয় যে আদালতৰ নিৰ্দেশৰ পিচতে শনিবাৰে দলবদ্ধ ধৰ্ষণৰ গোচৰটো ৰুজু কৰা হৈছে । ভুক্তভোগীক সোধা-পোছাও কৰা হৈছে আৰু প্ৰাথমিক তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : Tripura CM urges voters to choose BJP for development : উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ