উত্তৰ প্ৰদেশত কৰ পৰিশোধৰ পৰা ৰেহাই ‘দা কাশ্মীৰ ফাইলচ’- যোগী আদিত্যনাথ

নিউজ ডেস্ক,১৫ মাৰ্চঃ যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰিছে দ্য কাশ্মীৰ ফাইলচ নামৰ ছবিখনে ৷ এই ছবিখনৰ মুক্তিৰ পিছতে এতিয়া দেশ জুৰি চৰ্চা চলিছে ৷
৯০ দশকত কাশ্মীৰ উপত্যকাত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা সেই ভয়াৱহ নিৰ্যাতনৰ ওপৰত আধাৰ কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে। এই ছবিখনত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলা নিৰ্যাতনৰ কথা বলিষ্ঠ ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ছবিখন উপভোগ কৰি আৱেগিক হৈ পৰা দেখা গৈছিল। ইয়াৰ পিছতেই উত্তৰপ্ৰদেশ চৰকাৰে মঙলবাৰে ছবিখনক মনোৰঞ্জন কৰ পৰিশোধ কৰাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে । ইয়োৰোপৰি ত্ৰিপুৰা , গোৱা, মধ্যপ্ৰদেশ, গুজৰাট আৰু হাৰিয়ানাতো কৰ পৰিশোধৰ পৰা ৰেহাই দিছে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটযোগে ঘোষণা কৰি কয় যে,” উত্তৰ প্ৰদেশত ‘দা কাশ্মীৰ ফাইলচ’ ছবিখন কৰমুক্ত কৰা হ’ব।”