Local, Vocal, Global

USTM Chancellor’s OBC Certificate Fake :USTMৰ মালিকে অ’বিচিৰ ভুৱা প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,২৮আগষ্ট : পুনৰ USTMক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। USTMৰ মালিকে অ’বিচিৰ ভুৱা প্ৰমাণপত্ৰ লোৱাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জালিয়াতিৰে তেওঁ সংগ্ৰহ কৰিছিল এই প্ৰমাণ পত্ৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে মহবুবুল হকৰ এই ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ কথা সংবাদ মাধ্যমক সদৰী কৰে। লগতে তেওঁ হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও জানিবলৈ দিছে(USTM Chancellor’s OBC Certificate Fake? )।

আজি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, জালিয়াতিৰে প্ৰমাণপত্ৰ লোৱাৰ পিছত স্বাভাৱিকতে গোচৰ ৰুজু হ’ব লাগে। জিলা আয়ুক্তক কোৱা হৈছে, গোচৰ ৰুজু হ’ব। চৰকাৰে তেওঁৰ বিৰুদ্ধে ভুৱা অ’বিচি প্ৰমাণপত্ৰ লোৱা বাবে এজাহাৰ দাখিল কৰিব।

উল্লেখযোগ্য যে, কৰিমগঞ্জৰ জিলা আয়ুক্তই ২৭ আগষ্ট, ২০২৪ ত পত্ৰ নং ই ৪৯৭১২/ডি এফ এ ২৮৯২৮৯ ৰ যোগে মুখ্যমন্ত্ৰীৰ প্ৰধান ব্যক্তিগত সচিবলৈ এই বিষয়ে সবিশেষ তথ্য প্ৰেৰণ কৰিছে। সেই পত্ৰত উল্লেখ কৰা মতে কৰিমগঞ্জ জিলাৰ পাঠাৰকাণ্ডি থানাৰ পূৰ্বাগোল নামৰ গাওঁখনৰ প্ৰয়াত ইব্ৰাহিম আলীৰ পুত্ৰ মহবুবুল হকে ২৪ আগষ্ট, ১৯৯২ ত এনে এখন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিছিল(USTM Chancellor’s OBC Certificate Fake? Assam CM Says FIR on the way)।

যিখন জাতিগত প্ৰমাণ পত্ৰত স্বাক্ষৰ কৰিছিল কৰিমগঞ্জৰ তদানীন্তন উপায়ুক্তগৰাকীয়ে। কিন্তু এই প্ৰমাণপত্ৰ পৰীক্ষা কৰি তেওঁৰ এই প্ৰমাণ পত্ৰখন ভুৱা বুলি গম পোৱাৰ পাছত ২০ আগষ্ট, ১৯৯৬ ত এই প্ৰমাণ পত্ৰ নাকচ কৰা হৈছিল।

লগতে পঢ়ক : Huge Cache Of Drugs Worth Over Rs. 19 Cr. Seized By Assam Rifles : আগৰতলাত জব্দ ১৯.২কোটি টকাৰ য়াবা টেবলেট