Local, Vocal, Global

US Shoots Down 12 Houthi Attack Drones : হুথিৰ আক্ৰমণক বিফল কৰিলে আমেৰিকাৰ সেনাই

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : পুনৰ লোহিত সাগৰত আমেৰিকাৰ সেনাই মঙলবাৰে ১২ টা ড্ৰোন আৰু ৫ টা মিছাইল ধ্বংস কৰে । ইৰাণ সমৰ্থিত হুথিয়ে নিক্ষেপ কৰা বুলি দাবী কৰা ১২টা আক্ৰমণাত্মক ড্ৰোন আৰু ৫টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি মঙলবাৰে আমেৰিকাই প্ৰকাশ কৰে (US Shoots Down 12 Houthi Attack Drones)। তেওঁলোকে দাবী কৰা অনুসৰি, ইৰাণ সমৰ্থিত হুথিয়ে ইজৰাইলৰ কাৰ্গো জাহাজক টাৰ্গেট কৰি উৎক্ষেপণ কৰা ১২ টা ড্ৰোন আৰু পাঁচটাকে মিছাইল ধ্বংস কৰিছে (US shoots down 12 Houthi attack drones, 5 missiles in Red Sea) ৷

আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (CENTCOM) জনোৱা মতে, অঞ্চলটোত জাহাজৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই । U.S. আইজেনহাৱাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ ইউ এছ এছ লেবুন (ডি ডি জি ৫৮) আৰু এফ/এ-১৮ ছুপাৰ হৰ্নেট আদিয়ে বাৰটা একমুখী আক্ৰমণৰ ড্ৰোন, তিনিটা জাহাজ বিৰোধী বেলিষ্টিক মিছাইল আৰু দুটা স্থল আক্ৰমণৰ ক্ৰুজ মিছাইল নিক্ষেপ কৰে । গাইডেড মিছাইল ধ্বংসকাৰী ইউ এছ এছ লাবুন আৰু আইজেনহাৱাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ এফ-১৮ যুঁজাৰু বিমান দক্ষিণ লোহিত সাগৰত আছে, যিটো আমেৰিকাৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ অংশ । যাৰ উদ্দেশ্য হৈছে মূল বাবত হুথিয়ৰ আক্ৰমণৰ পৰা জাহাজ লেন ৰক্ষা কৰা এল-মাণ্ডেব জলদ্বীপ।

উল্লেখ্য যে, বিশ্বৰ বাণিজ্যৰ ক্ষেত্ৰত লোহিত সাগৰৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ তেনে সময়তে চলিত মাহত ইজৰাইল অভিমুখী জাহাজ বা ইজৰাইলী মালিকাধীন জাহাজক লক্ষ্য কৰি বাৰে বাৰে আক্ৰমণৰ চেষ্টা কৰি আহিছে ইৰাণ সমৰ্থিত হুথিয়ে ৷ সেই আক্ৰমণক বাৰে বাৰে প্ৰতিহত কৰি আহিছে আমেৰিকাৰ সেনাই ৷আমেৰিকাৰ চেন্ট্ৰেল কামাণ্ড চমুকৈ চেন্টকমে জনোৱা অনুসৰি, ইউ এছ এছ এল এবুন আৰু এফ এ-18 চুপাৰ হৰ্নেটেৰে দক্ষিণ লোহিত সাগৰত বাৰটা ড্ৰোন, বেলিষ্টিক মিছাইল ধ্বংস কৰে ৷ স্থানীয় সময় অনুসৰি মঙলবাৰে পুৱা 6:30 বজাত হুথিসকলে ড্ৰোনেৰে আক্ৰমণৰ চেষ্টা কৰে ৷ আনহাতে, অঞ্চলটোত জাহাজৰ কোনো ক্ষতি হোৱা নাই বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই বুলি উল্লেখ কৰে চেন্টকমে(US shoots down 12 Houthi attack drones, 5 missiles; Israeli jet downs Eilat-bound UAV) ৷

টাইমছ অৱ ইজৰাইলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত গঠিত মিত্ৰজোঁটৰ অংশ হিচাপে আইজেনহাৱাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ ইউ এছ এছ লাবুন আৰু এফ 18 যুঁজাৰু বিমান দক্ষিণ লোহিত সাগৰত ঘাটি পাতি আছে ৷ যাতে ইজৰাইলে লোহিত সাগৰত সন্মুখীন হোৱা যি কোনো ভাবুকি প্ৰতিহত কৰিব পাৰে তাৰে বাবে আমেৰিকাৰ সেনাক নিয়োজিত কৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে ৷আনহাতে ইজৰাইল-হামাছৰ যুদ্ধৰ পাছৰে পৰা লোহিত সাগৰত ইজৰাইল অভিমুখী জাহাজ বা ইজৰাইলী মালিকাধীন জাহাজক লক্ষ্য কৰি হুথিয়ে গ্ৰুপে আক্ৰমণত তীব্ৰতৰ কৰিছে ৷ যদিহে ইজৰাইলৰ জাহাজ ক্ষতিগ্ৰস্ত হয় তেতিয়া হ’লে ইজৰাইলে ইৰাণতো আক্ৰমণ কৰিব পাৰে(US shoots down 12 Houthi attack drones, 5 missiles in Red Sea) ৷

লগতে পঢ়ক : Israel Issues Travel Warning For Its Citizens : দিল্লীৰ চাণক্যপুৰীস্থিত ইজৰাইলী দূতাবাসৰ সমীপত বোমা বিস্ফোৰণৰ ঘটনা